Aircraft crashed in Tokyo: উৰণৰ সময়তে দুখন যাত্ৰীবাহী বিমানৰ মাজত সংঘৰ্ষ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ জুন : শনিবাৰে অৰ্থাৎ আজি জাপানৰ ৰাজধানী টকিঅ’ত সংঘটিত হয় অনাকাংক্ষিত এক বিমান দুৰ্ঘটনা ৷ টকিঅ’ৰ অন্যতম এটি বৃহৎ বিমানবন্দৰ হানেদাত উৰণৰ সময়তে ৰাণৱেত দুখন যাত্ৰীবাহী বিমানৰ মাজত সংঘটিত হয় সংঘৰ্ষ ৷ অৱশ্যে এই দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে (Passenger planes accidentally touched each other) ।
দেশখনৰ এটা সংবাদ প্ৰতিষ্ঠান TBS TV News য়ে জানিবলৈ দিয়া অনুসৰি, বেংককলৈ যাবলৈ ওলোৱা থাই এয়াৰৱেজৰ আন্তঃৰাষ্ট্ৰীয় জেট বিমানখনে টাইপেইলৈ উৰণ কৰিব লোৱা ইভা এয়াৰৱেজৰ আন এখন বিমানৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পিচতে বিমান বন্দৰটোৰ ৰাণৱেবোৰ বন্ধ কৰি দিয়া হয় ।
দেশখনৰ সংবাদ প্ৰতিষ্ঠান TBS TV News য়ে একেটা ৰাণৱেত দুখন বাণিজ্যিক জেট বিমান ৰৈ থকাৰ দৃশ্য সম্প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছিল (Aircraft crashed in Tokyo) । দুৰ্ঘটনাটোত পতিত এখন বিমানত উইংলেটৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনাৰ কথাও দেশখনৰ স্থানীয় সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰিত প্ৰকাশ পাইছে ।
ইফালে ঘটনাটোৰ সন্দৰ্ভত বিমান সংস্থা, বিমানবন্দৰ আৰু জাপানৰ পৰিবহণ মন্ত্ৰালয়ে তাৎক্ষণিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ বৰ্তমানেও স্পষ্ট হোৱা নাই । এই দুৰ্ঘটনাটোৰ পিছত বহুকেইখন বিমানৰ যাত্ৰাও পলম হোৱা পৰিলক্ষিত হয় ।