Local, Vocal, Global

Bomb blast in Afghanistan: ডেপুটি গৱৰ্ণৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে আফগানিস্তানত ভয়াৱহ বিস্ফোৰণ, ১৫ গৰাকী নিহত

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ জুন: বৃহস্পতিবাৰে আফগানিস্তানৰ বাদাখছান প্ৰদেশৰ ডেপুটি গৱৰ্ণৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ নিচেই সমীপত সংঘটিত এক ভয়াৱহ বোমা বিস্ফোৰণত কমেও ১৫ জন লোক নিহত হোৱাৰ লগতে ৫০ জন লোক আহত হৈছে (Many people killed in Afghanistan) । এগৰাকী স্থানীয় বিষয়াৰ উদ্ধৃতি দি TOLO News য়ে এই কথা সদৰি কৰিছে ।

আফগানিস্তানৰ বাদাখছান প্ৰদেশৰ ফৈজাবাদৰ এটা মছজিদত এই ভয়াৱহ বিস্ফোৰণটো সংঘটিত হয় (Bomb blast in Afghanistan) ।

তালিবানৰ বাদাখছানৰ যোগাযোগ আৰু সাংস্কৃতিক বিভাগৰ মুৰব্বী মাজুদ্দিন আহমদীয়েও সংবাদ মাধ্যম TOLOnewsক নিশ্চিত কৰিছে যে, বিস্ফোৰণটো ৰাজ্যখনৰ ৰাজধানী ফৈজাবাদত সংঘটিত হৈছে ।

স্থানীয় লোকসকলৰ মতে, ফৈজাবাদৰ হেচা-ই-আৱাল অঞ্চলৰ নাবাৱী মছজিদত বিস্ফোৰণটো সংঘটিত হয় (Explosion struck in Hesa e Awal area)।

ঘটনাটোৱে আফগান বিষয়াসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Afghan officials reaction) । আহমদীৰ মতে, বোমা বিস্ফোৰণৰ এই ঘটনাত প্ৰকৃত হতাহতিৰ সংখ্যা এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই।

আফগানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰ্জাই(Former Afghan President Hamid Karzai)এ বাদাখছান প্ৰদেশৰ ৰাজধানী ফৈজাবাদৰ হেচা-ই-আৱালৰ কাষৰীয়া অঞ্চলৰ নাবাৱী মছজিদত হোৱা এই আক্ৰমণক এক টুইটযোগে কঠোৰ ভাষাৰে নিন্দা কৰিছে ।

এক টুইটযোগে কাৰ্জাইয়ে এই সন্ত্ৰাসবাদক মানৱ আৰু ইছলামিক চিন্তা চেতনাৰ বিৰুদ্ধে হোৱা বুলি উল্লেখ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক: India Namibia friendship: ভাৰত-নামিবিয়াৰ বন্ধুত্বৰ নতুন প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিলে ‘চিতা’ই: এছ. জয়শংকৰ