Local, Vocal, Global

Chatra Sanhati Divas : খাদ্য আন্দোলনৰ শ্বহীদক স্মৰণ

মৰিগাঁও, ১০জুন : মৰিগাঁও জিলাত ছাত্ৰ সংহতি দিৱস পালন(Chatra Sanhati Divas observe in Morigaon)। ১৯৭৪ চনৰ খাদ্য আন্দোলনত আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিয়া শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিক স্মৰণ কৰি শণিবাৰে জিলাখনত পালন কৰা হয় ছাত্ৰ সংহতি দিৱস (Chatra Sanhati Divas observe in Morigaon)।

১৯৭৪ চনত আৰম্ভ হৈছিল এক আন্দোলন।সেয়া আছিল খাদ্য আন্দোলন।সেয় সময়ৰ শাসকীয় দলৰ ওচৰত ৰাজ্যৰ অৰ্থনীতিৰ পৰিকাঠামো শক্তিশালী কৰিবলৈ ছাত্ৰসকলে ২১ দফীয়া দাবীৰে আৰম্ভ কৰিছিল খাদ্য আন্দোলন আৰু এই আন্দোলনৰ মাজতে ঘটিছিল এটি অঘটন।এই আন্দেলনত গজেন ইংতি আৰু পুতুল শইকীয়াইও অংশগ্ৰহণ কৰিছিল।

১৯৭৪চনৰ ১০ জুনত খাদ্য আন্দোলত অংশগ্ৰহণৰ সময়ত আৰক্ষীয়ে কৰা গুলীচালনাত গুলীবিদ্ধ হৈ মৃত্যুক আকোৱালি লৈছিল এই দুই ছাত্ৰই।এই দুই শ্বহীদ ছাত্ৰৰ স্মৃতিত তেতিয়াৰে পৰাই সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সমাজক ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত ১০ জুন তাৰিখে ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে।

আজি সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতি আৰু কেন্দ্ৰীয় অধিৱেশন,২০২৩ আদৰণি সমিতিৰ উদ্যোগত মৰিগাঁৱৰ আছুৰ শ্বহীদ ভৱনত ‘ছাত্ৰ সংহতি দিৱস পালন কৰে(Chatra Sanhati Divas observe in Marigaon)। উক্ত অনুষ্ঠানতে উপস্থিত থাকে শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ পৰিয়াল। দুই শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনায় সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই।

ইফালে, শ্বহীদ দুগৰাকীৰ পৰিয়াললৈ আজি পৰ্যন্ত চৰকাৰে আগনবঢ়ালে কোনো ধৰনৰ চৰকাৰী সা সুবিধা আৰু সাহাৰ্য্য ।

ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ অসম আন্দোলনৰ গুৰি বঠা ধৰি পৰবৰ্তী সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনৰ পৰা বৰ্তমানৰ চৰকাৰৰ দিনলৈ খাদ্য আন্দোলনত শ্বহীদ হোৱা দুগৰাকী যুৱকলৈ আজি পৰ্যন্ত কোনো ধৰনৰ চৰকাৰী সা সুবিধা আৰু সাহাৰ্য্য প্ৰদান নকৰাত ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে শ্বহীদ দুগৰাকীৰ পৰিয়াল ক্ষোভিত হৈ পৰিছে।

জাতি মাটিৰ কথা কোৱা ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক শ্বহীদ পৰিয়াল দুটাক অতি সোনকালে চৰকাৰী সা-সুবিধা আৰু সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান জনাই মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথৰ লগতে শ্বহীদ পৰিয়ালৰ সদস্য সকলে।

লগতে পঢ়ক :Guwahati accident: এ কে কনষ্ট্ৰাকচনৰ ছুপাৰভাইজাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ