Local, Vocal, Global

Heated situation in private hospital: এসপ্তাহ ওকলি যোৱাৰ পাছতো প্ৰশাসনে লোৱা নাই ব্যৱস্থা

মঙলদৈ, ১০জুন: মৃতকৰ আত্মীয়ক প্ৰহাৰ কৰা ঘটনাক লৈ বৰ্তমানেও উত্তপ্ত মঙলদৈ ।JNSM হস্পিতালৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ একাংশৰ ।৫টা দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ।২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটত বহিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে(Heated situation in private hospital)।

বাৰে বাৰে বিতৰ্কত সাঙোৰ খাইছে মঙলদৈৰ জে এন এছ এম পলিক্লিনিক নামৰ ব্যক্তিগত চিকিৎসালয়খন। ৩ জুন, মঙলদৈ কৰিমচ’ক স্থিত JNSM নামৰ ব্যক্তিগত চিকিৎসালয়খনত ভুল চিকিৎসাৰ বাবে আছাদুল্লা হক নামৰ যুৱক এজনৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল চিকিতৎসালয়খনৰ বিৰুদ্ধে ।

উল্লেখ্য যে, মঙলদৈৰ JNSM হস্পিতাল সংঘটিত হৈছিল এক অমানৱীয় জঘন্যকাণ্ড ।দৰং জিলাৰ মঙ্গলদৈ কৰিম চকত অৱস্থিত JNSM_POLYCLINIC_CUM_DIAGNOSTIC CENTRE & PARAMEDICAL TRAINING INSTITUTE ত শণিবাৰে পুৱাৰ ভাগত বৰুৱাঝাৰৰ আছাদুল হকৰ মৃত্যু হয় । ব্যক্তিজনৰ মৃত্যুত মৰ্মাহত মৃতকৰ পৰিয়ালৰ ভাতৃ তথা আত্মীয়। চিকিৎসালয় খনত কান্দি কাটি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাকলৈ চিকিৎসালয়ৰ সুৰক্ষা কৰ্মী দুজনে মৃতকৰ পৰিয়ালৰ সদস্য সকলক আক্ৰমণ কৰে । JNSM নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ দুই সুৰক্ষা কৰ্মীয়ে হস্পিতালত কৰ্তৃপক্ষৰ সহযোগত মৃতকৰ আত্মীয়ক অমানষিকভাবে মাৰধৰ কৰি হস্পিতালৰ গ্ৰীলত বান্ধি ৰখাৰ দৃশ্য বন্দী হৈছিল মোবাইল কেমেৰাত(Incident Captured On Camera) ।


দুই সুৰক্ষা গাৰ্ডে মৃতকৰ পৰিয়ালক মিঞা জাতিক ধৰি অপমাণ কৰাৰ লগতে গুৰুতৰভাৱে প্ৰহাৰ কৰে । যি সময়ত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে । তেজ মঙহৰ মানুহ হেৰুৱাই দুখত ভাগি পৰিছে আত্মীয় , তেনে সময়ত এখন চিকিৎসালয়ৰ কৰ্মচাৰীৰ এনে কৰ্মকাণ্ডৰ বাবে গৰিহণাৰ পাত্ৰ হৈছে চিকিৎসালয়খন (Heated situation in private hospital)।

আপোনজনক হেৰুৱাই হিতাহিত জ্ঞান হেৰুৱাৰ উপক্ৰম হোৱা এনে মৃতকৰ পৰিয়ালৰ যদি কিবা ভুল হৈছিল কিন্তু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতে সুৰক্ষা কৰ্মীৰ দ্বায়িত্ব আছিল । তাৰ পৰিৱৰ্তে এনেদৰে প্ৰহাৰ কৰাৰ ঘটনাই সমাজৰ পৰা যে মানৱীয়তাৰ অপমৃত্যু হৈছে তাকেই প্ৰমাণিত কৰিছে । ইয়াৰ পৰিৱৰ্তে আইন হাতত তুলি লৈ মৰেল পুলিচগিৰিৰ অধিকাৰ ক’ত পালে আৰু প্ৰশাসনে এনে ঘটনাৰ বিৰুদ্ধে কি পদক্ষেপ ল’ব তাকে লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছিল।

সংবাদ মাধ্যমতো এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল । কিন্তু এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চিকিৎসালয়খনৰ বিৰুদ্ধে । যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মঙলদৈ । চিকিৎসালয়খনৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে আজি প্ৰতিবাদত বহিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন । দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।

প্ৰতিবাদী সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সদস্য সকলে – ১/ চিকিৎসক ডা° বিপ্লৱ বৰাক গ্ৰেপ্তাৰ কৰক ৷ ২/ ঘটনাৰ লগত জড়িত সকলক চিনাক্ত কৰি শাস্তি মূলক ব্যৱস্থা কৰক ৷ ৩/ চিকিৎসালয় খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰক ৷ ৪/ ভুক্তভোগী পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰক ৷ ৫/ মঙলদৈ অসামৰিক চিকিৎসালয় খনৰ আন্তঃগাঁথনি উন্নত কৰক আদি পাঁচ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰদান কৰে সংগঠনটোৱে ।

দৰং জিলা আমছুৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীয়ে সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে । কিন্তু লক্ষণীয়ভাৱে আজি এসপ্তাহ ওকলি যোৱাৰ পাছতো কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ।

লগতে পঢ়ক : Satra sanghati dibash: খাদ্য আন্দোলনৰ ছহীদক স্মৰণ