Local, Vocal, Global

Karnataka new CM: কোন হ’ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ? আজি ঘোষণা হব মুখ্যমন্ত্ৰীৰ নাম

নেশ্যনেল ডেস্ক, ১৬ মে‘: আজি যৱনিকা পৰিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনিক লৈ চলি থকা জল্পনা-কল্পনাৰ নাটকখনৰ (Karnataka new CM)। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে (Mallikarjun Kharge likely to announce the name of chief minister) । মুখ্যমন্ত্ৰীৰ দাবীদাৰ দুই নেতা সিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰৰ সৈতে নতুন দিল্লীত হ’ব লগা গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি কৰা হ’ব বুলি জানিব পৰা গৈছে ।

কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ইশ্বৰ খান্দ্ৰেয়ে জানিবলৈ দিয়া অনুসৰি, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া সিদ্ধান্ত লোৱাৰ বাবে নতুন দিল্লীত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হ’ব (Important meeting in New Delhi) । এই বৈঠকত দলটোৰ জ্যেষ্ঠ নেতাসকলো দিল্লীত উপস্থিত হোৱাৰ কথা অৱগত কৰিলে কেপিচিচিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে (Meeting on Karnataka CM selection)।

সোমবাৰেই মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰীৰ দাবীদাৰ শিৱকুমাৰে দিল্লী ভ্ৰমণ বাতলি কৰাৰ পাছতে ইয়াক লৈ ব্যাপক কৌতূহলৰ সৃষ্টি হৈছিল । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনি কৰাক লৈ একপ্ৰকাৰ অচলাৱস্থাৰে সৃষ্টি হৈছিল । সিদ্দাৰামাইয়াৰ লগতে দলীয় শীৰ্ষ নেতৃত্বৰে বৈঠকৰ বাবে ডি কে শিৱকুমাৰক দিল্লীলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও অসুস্থতাৰ বাবে দিল্লী ভ্ৰমণ বাতিল কৰিছিল শিৱকুমাৰে ।

ইফালে কৰ্ণাটকৰ দ্বায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া এআইচিচিৰ ৰণদীপ সুৰজেৱালা আৰু কে চি বেণুগোপালৰ সৈতে কংগ্ৰেছৰ তিনিজন পৰ্যবেক্ষকে মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰে আৰু নৱনিৰ্বাচিত বিধায়কসকলে প্ৰকাশ কৰা মতামতৰ ওপৰত সবিস্তাৰে আলোচনা কৰে ।

কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত উপস্থিত থকা কেন্দ্ৰীয় পৰ্যবেক্ষকসকলে খাৰ্গেক বিষয়টো অৱগত কৰি কৰ্ণাটকত নিৰ্বাচিত বিধায়কসকলে মুখ্যমন্ত্ৰীৰ পদৰ বাবে কাক বিচাৰে সেই সন্দৰ্ভত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল । খাৰ্গেৰ সৈতে হোৱা এই বৈঠকৰ অন্তত সুৰজেৱালাই কয় যে দলটোৱে মুখ্যমন্ত্ৰী বাছনিৰ ক্ষেত্ৰত কোনো খৰধৰ কৰা নাই আৰু ৰাজ্যিক নেতৃত্বৰ সৈতে হ’ব লগা আলোচনাৰ পাছতহে সিদ্ধান্ত ল’ব । সুৰজেৱালাই লগতে কয় যে পৰ্যবেক্ষকৰ দলটোৱে ইতিমধ্যে প্ৰতিবেদনখন কংগ্ৰেছ সভাপতিৰ ওচৰত দাখিল কৰিছে ।

লক্ষণীয়ভাৱে দিল্লীত উপস্থিত হোৱা সিদ্দাৰামাইয়াই সোমবাৰে ৰাষ্ট্ৰীয় আন নেতাসকলক সাক্ষাৎ কৰিছিল যদিও খাৰ্গেক সাক্ষাৎ কৰিব পৰা নাছিল । তেওঁ খাৰ্গেক সাক্ষাৎ কৰাৰ কথা আছে আৰু সেই বৈঠকত শিৱকুমাৰেও অংশগ্ৰহণ কৰিব । অৱশ্যে দুয়োগৰাকী নেতাই একেলগে দলৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিবনে নাই সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই ।

উল্লেখ্য যে, স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰি দিল্লী ভ্ৰমণ বাতিল কৰিছিল যদিও অৱশেষত ডি কে শিৱকুমাৰে মঙলবাৰে পুৱাই নতুন দিল্লীলৈ উৰা মাৰে । ইফালে সোমবাৰে নিশা শিৱকুমাৰৰ ভাতৃ তথা কংগ্ৰেছ সাংসদ ডি কে সুৰেশে দিল্লীত দলৰ সভাপতি খাৰ্গেক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Assam CM on Madrassa: অসমত আৰু ৩০০ মাদ্ৰাছা বন্ধ কৰিব চৰকাৰে !