Local, Vocal, Global

Assam CM on Madrassa: অসমত আৰু ৩০০ মাদ্ৰাছা বন্ধ কৰিব চৰকাৰে !

নেশ্যনেল ডেস্ক, 15 মে’: দেওবাৰে তেলেংগানাৰ কৰিমনগৰত ‘হিন্দু একতা যাত্ৰা’ শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Assam CM participates in Hindu Ekta Yatra in Telangana) ৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেলেংগানাক ৰামৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সকলোকে ঐক্যৱদ্ধ হ’বলৈ আহ্বান জনায় ৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন চমুকৈ AIMIM ৰ সভাপতি আছাদুদ্দিন ওৱেইছিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে (Assam CM criticised AIMIM President Asaduddin Owaisi) ৷ AIMIM মুৰব্বীগৰাকীক কটাক্ষ কৰি তেওঁৰ চৰকাৰখনে অসমত লাভ জেহাদ বন্ধ কৰাৰ বাবে অহৰহ কাম কৰি আছে বুলি ড৹ শৰ্মাই উল্লেখ কৰে ৷ ইয়াৰোপৰি, অসমত মাদ্ৰাছা বন্ধ কৰাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই (Assam government is continuing its efforts to close down madrassas in Assam) ৷

লগতে মুখ্যমন্ত্ৰী শৰ্মাই 600 মাদ্ৰাছা বন্ধ কৰি দিয়াৰ লগতে সেই মাদ্ৰাছাসমূহৰ ঠাইত অধিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় ইত্যাদি স্থাপন হোৱাটো বিচাৰে বুলি উল্লেখ কৰে । শেহতীয়াকৈ হৈ যোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কলে, মাত্ৰ এখন ৰাজ্যত জয়ী হৈয়ে কংগ্ৰেছে বৃহৎ সফলতা পোৱা যেন দেখুৱাইছে ৷ কিন্তু ভাৰতীয় জনতা দলে কেইবাখনো ৰাজ্যত জয়ী হোৱাৰ পাছতো এনেধৰণে উল্লাস প্ৰদৰ্শন কৰা নাছিল ৷

লগতে সভাখনত দিয়া ভাষণত সম্প্ৰতি বহু চৰ্চিত দ্য কেৰালা ষ্টৰী ছবিখনৰ কথা উল্লেখ কৰি ছবিখন চাবৰ বাবে উপস্থিত লোকসকলক আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam Chief Minister on The Kerala Story) ৷

হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণৰ পিছতে ৰাজ্যখনত 600 খনকৈ মাদ্ৰাছা বন্ধ কৰি দিয়া বুলি উল্লেখ কৰি পুনৰ অসমৰ 300 খন মাদ্ৰাছা বন্ধ কৰি দিব বুলি সভাত উল্লেখ কৰে (300 more madrassas to be closed in Assam) । লগতে দেশত ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰাৰ ওপৰিও বহুবিবাহ বিলুপ্ত কৰা হ’ব বুলিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

এই প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতবৰ্ষত এচামে ভাবিছিল যে তেওঁলোকে চাৰিগৰাকী মহিলাক বিয়া কৰাব পাৰে । সেইয়া তেওঁলোকৰ চিন্তা আছিল । কিন্তু, মই কওঁ আপোনালোকে চাৰিগৰাকী বিয়া কৰিব নোৱাৰিব । সেই দিনবোৰ এতিয়া শেষ হ’বলৈ গৈ আছে আৰু সেই দিন এতিয়া বহু দূৰৈত নহয় ।” ভাৰতত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) অহাৰ কথা উল্লেখ কৰি ভাৰতক সঁচা অৰ্থত এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে গঢ়ি তোলাৰ সময় আহি পৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কলে (Assam CM on Uniform civil code)।

লগতে পঢ়ক: The Kerala Story : কেবিনেট সতীর্থৰে মুখ্যমন্ত্ৰীয়ে চালে বহু চৰ্চিত ‘দ্য কেৰালা ষ্টৰী’; নিজ কন্যাৰ সৈতে ছবিখন চাবলৈ সকলোকে জনালে আহ্বান