Local, Vocal, Global

No kissing in Metro : এতিয়াৰে পৰা আৰু নহ’ব চুম্বন ! মেট্ৰ’ত তীক্ষ্ণ দৃষ্টি ৰাখিব আৰক্ষীয়ে

নেশ্যনেল ডেস্ক, ১৫ মে’: দিল্লী মেট্ৰ’ত ভ্ৰমণৰ সময়ত প্ৰায়েই দেখিবলৈ পোৱা চুম্বনৰ ভিডিঅ’ই ইতিমধ্যে ইণ্টাৰনেটৰ জগতখনত ধুমুহাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে (Videos of couples kissing while travelling in Metro)। এনেধৰণৰ আপত্তিজনক ভিডিঅ’সমূহ বিভিন্ন অনলাইন মাধ্যমত প্ৰকাশ পাই আহিছে । তাৰোপৰি মেট্ৰ’ৰ ভিতৰত সংঘটিত বিভিন্ন অসামাজিক ঘটনাৰ পিছতে দিল্লী মেট্ৰ’ ৰে’ল নিগমে ইউনিফৰ্ম আৰু অসামৰিক পোছাকত আৰক্ষী নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে ।

তদুপৰি মেট্ৰ’ৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজ সঘনাই পৰীক্ষা কৰি সহযাত্ৰীসকলৰ মাজত অসুবিধাৰ সৃষ্টি কৰা একাংশ যাত্ৰীৰ বিভিন্ন আপত্তিজনক আচৰণ চিনাক্ত কৰাৰ পৰিকল্পনাৰ কথাও দিল্লী মেট্ৰ’ ৰে’ল নিগমে উল্লেখ কৰিছে ।

ডি এম আৰ চিয়ে ইতিমধ্যে যাত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা ফ্লাইং স্কোয়াডক এনে কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ দিছে নিৰ্দেশনা।
শেহতীয়াকৈ এজন লোকে মেট্ৰ’ৰ ভিতৰত হস্তমৈথুন কৰি থকাৰ এটা ভিডিঅ’ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে তত্‍কালীনভাৱে হোৱাকৈ এই পদক্ষেপ লোৱা হৈছে বুলি জনাইছে ডি এম আৰ চি কৰ্তৃপক্ষই । ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে দিল্লী মহিলা আয়োগে মহানগৰ আৰক্ষীক জাননী জাৰি কৰি লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছিল ।

ইফালে দিল্লী মেট্ৰ’ত আপত্তিজনক আচৰণ ৰোধৰ বাবে ডিএমআৰচিয়ে গ্ৰহণ কৰা পদক্ষেপৰ কথা অৱগত হোৱাৰ পাছতেই নেটিজেনৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰা পৰিলক্ষিত হৈছে।

সোমবাৰে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত এখন ছবি শ্বেয়াৰ কৰি লিখিছে -এতিয়াৰ পৰা আৰু নৃত্য বা ৰিল অথবা চুম্বন নহয়: এতিয়া দিল্লীত ‘আপত্তিজনক’আচৰণ পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে দিল্লী মেট্ৰ’ত টহল দিব । আনকি চোকা দৃষ্টি ৰখাৰ বাবে অসামৰিক সাজতো আৰক্ষী নিয়োগ কৰা হ’ব ।

বহুতে আকৌ নিজৰ মতামত শ্বেয়াৰ কৰি টুইটাৰৰ জড়িয়তে এই পদক্ষেপক প্ৰশংসা কৰাৰ বিপৰীতে আন একাংশই এই সিদ্ধান্তক লৈ যে ইমান সুখী হোৱা নাই সেইয়া প্ৰকাশ পাইছে ।

লগতে পঢ়ক: Man died from poisonous liquor: তামিলনাডুত বিষাক্ত সুৰা সেৱনৰ ফলত ১১জনৰ মৃত্যু, নিহতৰ লগতে আহতৰ পৰিয়াললৈ চৰকাৰৰ সাহায্য