Local, Vocal, Global

শুকুৰবাৰে মহানগৰীৰ হোটেল লিলিত বিৰোধী ৰাজনৈতিক দল সমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়…

ডিজিটেল ডেস্ক:-কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীত দহটা ৰাজনৈতিক দলৰ ৰুদ্ধদ্বাৰ বৈঠক ।শুকুৰবাৰে মহানগৰীৰ হোটেল লিলিত বিৰোধী ৰাজনৈতিক দল সমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।ৰাজ্যত বিৰোধী শক্তি দুৰ্বল হৈ পৰা বুলি ব্যাপক চৰ্চা চলাব সময়ত এইবাৰ কংগ্ৰেছৰ উদ্যোগত বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে।আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছে এই উদ্যোগ গ্ৰহণ কৰিছে।তাৰেই অংশ স্বৰূপে শুকুৰবাৰে বিয়লি গুৱাহাটীৰ খানাপাৰাস্থ হোটেল লিলিট বিৰোধী ৰাজনৈতিক দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।APCCৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বৈঠক।মুঠ ৯ টা দলে এই বৈঠকত অংশগ্ৰহণ কৰে ।

কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা এই বৈঠকত এ আই ইউ ডি এফক বাদ দি ৰাইজৰ দল,অসম জাতীয় পৰিষদ আৰু বামপন্থী দলসমূহকে ধৰি দহটা ৰাজনৈতিক দলে অংশ গ্ৰহণ কৰে।বৈঠকত অংশগ্রহণ কৰে ভৰত নৰহ, লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ, অজিত ভূঞা আদি নেতাই।

বৈঠকত অসমৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৰাজনৈতিক দল সমূহে। এই বৈঠকত এ আই ইউ ডি এফৰ উপৰিও আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে স্থান নাপালে। ‍

৩ ঘণ্টা জোৰা বৈঠকৰ অন্তত APCCৰ সভাপতি ভূপেন বৰাই এক সংবাদমেল সম্বোধন কৰে।সংবাদমেলত ভূপেন বৰাই কয়, ”আমি নিখুঁত ৰণনীতি প্ৰস্তত কৰিবলৈ সক্ষম হৈছো।১০ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই ৯ এপ্ৰিলত গুৱাহাটীত উমৈহতীয়াভাৱে ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছে।লগতে তেওঁ কয় যে ৯ এপ্রিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গণ অভিৱৰ্তন। ১০টা ৰাজনৈতিক দলৰ কেন্দ্রীয় আৰু তৃণমূল কৰ্মী উপস্থিত থাকিব এই অভিৱৰ্তনত।