Local, Vocal, Global

ঘৰলৈ উভতি আহিল বনৰজা!বনাঞ্চলত বাঘৰ মুক্ত বিচৰণ,মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো…

ডিজিটেল ডেস্ক:- বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত দেখা পোৱা গৈছে ঢেকিয়াপতীয়া বাঘ। সংৰক্ষিত বনাঞ্চলখনৰ পৰা বেদখলকাৰীক খেদাই পঠিওৱাৰ পাছতেই উক্ত অঞ্চলত বাঘৰ মুক্ত বিচৰণ কৰা দেখা গৈছে।
বনাঞ্চলখনত বাঘৰ উপস্থিতি ধৰা পৰিছে তাত সংস্থাপন কৰা কেমেৰাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুঢ়াচাপৰি বনাঞ্চলত দেখা পোৱা ঢেকিয়াপতীয়া বাঘৰ দুখন প্ৰতিচ্ছবি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।

আৰু মুখ্যমন্ত্ৰীয়ে লিখিছে, ঘৰলৈ ঘূৰি আহিছে বাঘ। লগতে তেওঁ এই কথাও উল্লেখ কৰে যে, ৰাজ্যৰ জীৱকুলৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আৰু বনাঞ্চলসমূহত চলা বেদখল প্ৰতিৰোধ কৰাত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব।