Local, Vocal, Global

চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্তি মহাথুং য়ানথাক নিযুক্তি…

ডিজিটেল ডেস্ক:-চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে এন ডি পি পি দলৰ মহাথুং য়ানথানে।শুকুৰবাৰে নৱ গঠিত প্ৰটেম অধ্যক্ষ গৰাকীক শপত বাক্যপাঠ কৰাই নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনে।নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনে ৰাজভৱন ক’হিমাৰ ৰাজ্যপালৰ কাৰ্যালয় কক্ষত য়ানথানক শপত গ্ৰহণ কৰোৱায় ।শপত গ্ৰহণ কৰোৱায় সময়ত উপস্থিত থাকে নাগালেণ্ডৰ মুখ্য সচিব জে আলম, ডিজিপি ৰূপিন শৰ্মা, গৃহ আয়ুক্ত অভিজিৎ সিনহাকে ধৰি অন্যান্য বিষয়াসকল । যোৱা ৭ মাৰ্চত ৰাজ্যপালে প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া য়ানথানক বিধানসভাৰ দ্বাৰা এজন অধ্যক্ষ নিৰ্বাচন নকৰালৈকে তেওঁ বিধানসভাৰ অধ্যক্ষৰ কৰ্তব্য পালন কৰিব।