World Chocolate Day 2023: প্ৰেম, বন্ধুত্বৰ ইতিবাচক প্ৰতীক হোৱাৰ ওপৰিও শৰীৰৰ বাবেও উপকাৰী এই চকলেট
গুৱাহাটী, ৭ জুলাই: চকলেট হৈছে পৃথিৱীৰ অন্যতম সুস্বাদু এবিধ খাদ্য যাক অধিক সংখ্যক লোকে সোৱাদ ল’বলৈ ভাল পায় (Everyone enjoys the taste of chocolate)। কাৰোবাৰ বাবে উপহাৰ এটা ক্ৰয় কৰাৰ ক্ষেত্ৰত চকলেট হৈছে বিভিন্ন বিকল্প সামগ্ৰীসমূহৰ ভিতৰত অন্যতম এটা উপহাৰ (Affectionate gesture) । ইয়াৰ সোৱাদে বেছিভাগ মানুহৰে নিস্তেজ হৈ থকা দিনটো নিমিষতে পাতল কৰি তুলিব পাৰে। এই চকলেটৰ আনন্দখিনিক স্বীকাৰ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ৭ জুলাইত পালন কৰা হয় “বিশ্ব চকলেট দিৱস”(World Chocolate Day) । পোনপ্ৰথমতে ইউৰোপত বিশ্ব চকলেট দিৱস উদযাপন কৰা হৈছিল । পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল এই উদযাপন ।
চকলেটৰ ইতিহাস প্ৰায় 2,500 বছৰ পুৰণি (History of chocolate)। আমেৰিকাৰ বৰ্ষাৰণ্যত 2,000 বছৰ আগতে কোকো গছৰ বীজ (Seeds of cocoa tree) প্ৰক্ৰিয়াকৰণ কৰি ইয়াৰ পৰা চকলেট তৈয়াৰ কৰা হৈছিল । প্ৰথমে, কেৱল মেক্সিকো আৰু মধ্য আমেৰিকাতহে চকলেট তৈয়াৰ কৰা হৈছিল। কিন্তু, ১৫২৮ চনত স্পেইনে মেক্সিকো জয় কৰাৰ পাছতেই স্পেইনৰ ৰজাই বৃহৎ পৰিমাণৰ কোকো বিন আৰু চকলেট বনোৱা সঁজুলিসমূহ সংগ্ৰহ কৰি স্পেইনলৈ লৈ আহে। ইয়াৰ পিছত অতি কম দিনৰ ভিতৰতেই অভিজাত স্পেনিছসকলৰ মাজত চকলেট এক ফেশ্বনেবল পানীয় হৈ পৰিল। ইয়াৰোপৰি পৃথিৱীৰ কোনো কোনো স্থানত চকলেটক মুদ্ৰা হিচাপেও ব্যৱহাৰ কৰা হৈছিল (Chocolate was also used as currency)।
আৰম্ভণিতে চকলেট তিতা হোৱাৰ লগতে এবিধ উগ্ৰ পানীয় আছিল (Bitter and strong drink)। তেতিয়া ই বৰ্তমান সময়ত আমি খোৱা চকলেট বাৰবোৰৰ দৰে নাছিল। ইয়াৰ উপৰিও, সমগ্ৰ বিশ্বতে এই পানীয়বিধক মৌ, ভেনিলা, চেনী, ডালচেনি আদিৰ সৈতে মিহলাই সকলোৰে বাবে পানযোগ্য কৰি তোলা হৈছিল । পৰৱৰ্তী সময়ত ১৭ শতিকাত আইৰিছ চিকিৎসক ছাৰ হান্স স্ল’নে (Sir Hans Sloane) এই পানীয়বিধক প্ৰক্ৰিয়াকৰণ কৰি ইয়াক চোবাই খোৱাৰ বাবে উপযোগী কৰি তুলিছিল (Suitable for chewing)।
হান্স স্ল’নে চোবাই খাব পৰা চকলেটবিধ আৱিষ্কাৰ কৰাৰ পঁচিশ বছৰ পিছত ইংলেণ্ডত মুকলি কৰা হৈছিল কেডবেৰী(Cadbury was launched in England) । সেই সময়ত ইংলেণ্ডৰ একাংশ উদ্যোগপতিয়ে চিকাগোৰ বিশ্ব কলম্বিয়ান এক্সপোজিচন (Worlds Columbian Exposition)ত মিল্টন এছ-ৰ পৰা হান্স স্ল’নেৰ দ্বাৰা নিৰ্মিত চকলেট প্ৰচেছিঙৰ সঁজুলি ক্ৰয় কৰিছিল । পৰৱৰ্তী সময়ত হাৰ্ছে চকলেটে আৱৰণ যুক্ত কেৰামেল প্ৰস্তুত কৰি বিশ্বৰ অন্যতম বিখ্যাত চকলেট প্ৰস্তুতকৰ্তা হৈ পৰিছিল। ইয়াৰ পিছত 1860 চনত আৰম্ভ কৰা নেষ্টলে কোম্পানীটোয়ে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় গাখীৰ-চকলেট উৎপাদনকাৰী কোম্পানীৰ ভিতৰত এটা হৈ পৰিছিল ।
স্বাস্থ্যৰ ক্ষেত্ৰতো চকলেটৰ আছে বহু উপকাৰী গুণ (Chocolate has many health benefits) । এজটেকসকলে কামোদ্দীপক হিচাপে মচলাৰ সৈতে মিহলি কৰা চকলেট খাইছিল । চকলেটত থকা প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থই মানুহৰ মানসিকতাক উন্নত কৰে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে। তাৰোপৰি চকলেটত থকা ট্ৰিপ্ট’ফেনে আমাৰ মগজুত থকা এণ্ড’ৰ্ফিনৰ মাত্ৰাত প্ৰভাৱ পেলায়, যাৰ ফলত আমি সুখী অনুভৱ কৰো । তাৰোপৰি প্ৰতিদিনে নিয়ন্ত্ৰিত পৰিমাণৰ চকলেট খোৱাটোও আমাৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী বুলি ধৰা হয় আৰু হৃদৰোগ দূৰ কৰি ৰখাৰ বাবেও ভাল বুলি গণ্য কৰা হয় ।
লগতে পঢ়ক: Summer healthy foods:উন্নত যৌন জীৱনৰ বাবে গ্ৰহণ কৰক এই খাদ্যাভ্যাস