Local, Vocal, Global

Summer healthy foods:উন্নত যৌন জীৱনৰ বাবে গ্ৰহণ কৰক এই খাদ্যাভ্যাস

নিউজ ডেস্ক, ১৭ মে‘: বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকেই যৌন সমস্যাত ভোগা দেখা যায় । ইয়াৰ ভিতৰত বেছি সংখ্যক লোকে তেওঁলোকৰ বিশৃংখল জীৱনশৈলীৰ বাবে এই সমস্যাত ভোগা দেখা যায় । যেনে- বহি থকা জীৱনশৈলী, বয়স, মানসিক চাপ বা অন্তৰ্নিহিত চিকিৎসাজনিত অৱস্থা । কিন্তু আমি এই ক্ষেত্ৰত অলপ মনোযোগ দিলেই উন্নত যৌন জীৱন লাভ কৰিব পাৰো ।

কিছু সংখ্যক লোকে যৌন জীৱনৰ লগত জড়িক কিছুমান কথা জানিও অৱজ্ঞা কৰা দেখা যায় । আমি সকলোৱে ভাল খাদ্যাভ্যাসৰ জৰিয়তেও আমাৰ যৌন জীৱন উন্নত বা যৌন সমস্যা সমাধন কৰিব পাৰো । ভাল খাদ্যাভ্যাসে আপোনাৰ হেৰুৱা যৌন জীৱন ঘূৰাই দিব পাৰে(Foods That Can Improve Your Sexual Health)।

এই শিতানত যৌন স্বাস্থ্য উন্নত কৰিবলৈ বিশেষজ্ঞয়ে পৰামৰ্শ দিয়া কেইটামান খাদ্যৰ বিষয়ে আলোচনা কৰা হৈছে :

বুটমাহ: বুটমাহে আপোনাৰ শাৰীৰিক শক্তি বৃদ্ধিৰ লগতে যৌন জীৱন উন্নত হোৱাত বিশেষভাৱে সহায় কৰে । বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি বুটমাহত নাইট্ৰেট থাকে আৰু ই শৰীৰত নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত তেজৰ সঞ্চালন উন্নত হয়, যাৰ ফলত যৌন শক্তি বৃদ্ধি পায়।

তৰমুজ: গ্ৰীষ্মকাল অহাৰ লগে লগেই আমাৰ বজাৰত তৰমুজৰ চাহিদা অধিক দেখা যায় । গ্ৰীষ্মকালত যৌন শক্তি বৃদ্ধিত তৰমুজে অধিক সহায় কৰে । বিশেষজ্ঞৰ মতে, তৰমুজত নাইট্ৰিক অক্সাইড আৰু এল-আৰ্জিনিন উৎপন্ন কৰা যৌগ থাকে । যি দুয়োটাই হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীৰ সুস্থতা বৃদ্ধি কৰে। ইয়াৰ ফলত যৌন শক্তি উন্নত হয় ।

বাদাম : দৈনিক বানাম খাবলৈ অভ্যাস কৰিলেও আমাৰ যৌন শক্তি বৃদ্ধি পাব । বিশেষজ্ঞৰ মতে, বাদামত মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থৰ বহু পৰিমাণে থাকে, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে আৰু সহনশীলতা বৃদ্ধি কৰে। লগতে বাদামত ভাল পৰিমাণৰ জিংক পোৱা যায় – যিটো খনিজ টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি কৰে।

ডালিম আৰু আপেল: এই দুয়োবিধ ফল ভাল সোৱাদ আৰু উচ্চ পুষ্টিকৰ হিচাপে গ্ৰাহকৰ মাজত জনপ্ৰিয়। এই ফলবোৰে অক্সিডেটিভ ষ্ট্ৰেছকো নিয়ন্ত্ৰণ কৰে, যিয়ে যৌন স্বাস্থ্যৰ বহুখিনি উন্নতি সাধন কৰিব পাৰে।

লগতে পঢ়ক:IPL 2023 Playoffs Scenarios:আই পি এলৰ প্লে অফৰ দৌৰত কোন কেইটা দল