Local, Vocal, Global

Daily Horoscope for 7th july : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷আপোনাৰ জীৱনলৈ নতুন সম্বন্ধ আহিব পাৰে ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷

বৃষ ৰাশি: আজি আপুনি সহকৰ্মী আৰু বচৰ পৰা সহযোগিতা লাভ কৰিব ৷ আপোনাৰ পদোন্নতি হ’ব ৷ বৈবাহিক জীৱন সুন্দৰ হ’ব আৰু চৰকাৰী কামত সফলতা লাভ কৰিব ৷

মিথুন ৰাশি: আজি আপুনি নতুন আৰম্ভণি নকৰিব ৷ এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাব পৰিব ৷ শাৰীৰিক অশু বিধাই বিপদত পেলাব ৷ ব্যৱসায়িক কামত সহকৰ্মী আৰু বচে আপোনাক অৱহেলা কৰিব ৷ খৰচৰ মাত্ৰা অধিক হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷

কৰ্কট ৰাশি: আপোনাৰ খঙে আপোনাক বিপদত পেলাব পাৰে ৷ পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ অসামাজিক আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷

সিংহ ৰাশি: আজি আপোনাৰ সংগিৰ শৰীৰ ভালে নাযাব ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ’ব ৷ ধৈয্য আৰু শান্ত হৈ থাকক । ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ পৰা বিপদত পৰিব পাৰে ৷

কন্যা ৰাশি: আজি আপোনাৰ বাবে এটা শুভ দিন ৷আজি আপুনি সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ বিবাহিত মহিলাসকলে মাকৰ ঘৰৰ ভাল বাৰ্তা লাভ কৰিব ৷ খৰচ কমাওক ৷

তুলা ৰাশি: এই দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰ প্ৰভাৱ পেলাব ৷ছাত্ৰ-ছাত্ৰীসকল অলপ বাধাৰ সন্মুখীন হ’ব ৷ দূৰ ভ্ৰমণত নোযোৱাটোৱেই ভাল আৰু অযথা তৰ্ক-বিতৰ্ক এৰাই চলক ৷
আপোনাৰ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷

বৃশ্চিক ৰাশি: আজি আপোনাক শৰীৰে আপোনাক চিন্তাত পেলাব ৷ আইনী কাগজ পত্ৰত চহী কৰাৰ পৰা আজি আঁতৰি থাকক ৷ যিকি নহওক বৰ ভাল দিন নহয় ৷

ধনু ৰাশি:আজি আপোনাৰ ব্যস্ততাৰে ভৰা দিন ৷আজি আপোনাৰ ভাগ্য ভাললৈ আহিব আৰু নতুন আৰম্ভনিৰ সময় ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব ৷ সামাজিক জীৱনত নিজৰ প্ৰভাব বিস্তাৰ কৰিব পাৰিব ৷

মকৰ ৰাশি: আপুনি আপোনাৰ অবিবেচক কামৰ বাবে অস্বাভাৱিক পৰিবেশত পৰিব পাৰে ৷ আজি আপোনাৰ বাবে পৰিয়াল বা প্ৰিয়জনক দুখী হব ৷ ধন জমা কৰি ভাল ফল লাভ কৰিব ৷ ষ্টক আৰু চেয়াৰ কিনিব পাৰে, সফল হ’ব ৷ শৰীৰ ভালে যাব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত আৰু কষ্ট কৰিব লাগিব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে এটা শুভ দিন ৷ মানসিক ,শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ অনুভৱ কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰিব আৰু উপহাৰৰ আদান প্ৰদান কৰিব পাৰিব ৷

মীন ৰাশি: ধৰ্মীয় কামত খৰচ হ’বপাৰে ৷ ভৌতিক বস্তু লাভৰ বাবে পৰিবেশ সুগম নহয় ৷ সম্পতি আপোনাৰ হাতৰ পৰা পিচলি যাব ৷ শৰীৰ ভালে নাযাব আৰু মনোযোগ বিচ্ছিন্ন হ’বপাৰে ৷ আপোনাৰ ঘনিষ্ট জনৰ লগত মতৰ ভিন্নতা আহিব পাৰে ৷

লগতে পঢ়ক : World Chocolate Day 2023: প্ৰেম, বন্ধুত্বৰ ইতিবাচক প্ৰতীক হোৱাৰ ওপৰিও শৰীৰৰ বাবেও উপকাৰী এই চকলেট