Local, Vocal, Global

বিশ্ব এইডছ দিৱস পালন

বিশ্ব এইডছ  দিৱস, প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয়। ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱসত এইডছৰ প্ৰতি সজাগতা আনিবৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰসাৰ কৰে। এক ভয়ংকৰ ঘাটক হিচাপে পৰিচিত এইডছক লৈ সমাজত এতিয়াও কিছুমান ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে।

মানৱ দেহত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণৰ ফলত এইডছ ৰোগে দেখা দিয়ে। এইডচ ৰোগ যদিও জীৱননাশী ৰোগ তথাপি বৰ্তমান উন্নত  চিকিৎসা পদ্ধতিয়ে এই ৰোগ বিয়পা ৰোধ কৰিবলৈ, লগতে আক্ৰান্তসকলেও এক স্বাভাৱিক জীৱন যাপন কৰিব পৰাকৈ চিকিৎসা সেৱাৰ বিভিন্ন উপায় উপলব্ধ হৈছে।