Local, Vocal, Global

বিয়া পাতিবলৈ অনুমতি ল’ব লাগিব চৰকাৰৰ

অসমীয়া সমাজত বিবাহৰ বন্দোবস্তিৰ সময়ত দৰা-কইনাৰ দুয়োখন ঘৰে পৰস্পৰে পৰস্পৰৰ বিষয়ে খা-খবৰ কৰে। কইনাঘৰীয়াই দৰাৰ স্বভাৱ-চৰিত্ৰ, আয়-ব্যয়ৰ বিষয়েও খবৰ লয়। এইবাৰ সেই দায়িত্ব ল’ব খুজিছে চৰকাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চমকপ্ৰদ ঘোষণা- অসম চৰকাৰে এখন বিশেষ বিবাহ আইন প্ৰণয়নৰ কথা চিন্তা কৰিছে। মন্ত্ৰী শৰ্মাই সদৰি কৰা মতে ২০২১ত আকৌ এবাৰ অসমত বিজেপি চৰকাৰ অহাটো নিশ্চিত আৰু চৰকাৰ আহিলেই নতুন বিবাহ আইন বলৱৎ কৰা হ’ব। এই আইনৰ অধীনত বিয়াৰ পূৰ্বেই দৰা-কইনাই নাম-ঠিকনা, ধৰ্ম, উপাৰ্জন আদিৰ সবিশেষ তথ্য জমা দিব লাগিব চৰকাৰক। বিয়াৰ পিছত যদি তেনে তথ্যত কিবা ভুল ধৰা পৰে তেন্তে তাৰ বাবে জগৰীয়া হ’ব দৰা বা কইনা। লাভ জেহাদ প্ৰতিৰোধৰ বাবে নহয়, সকলো যুৱতীকে বিবাহোত্তৰ জীৱনত নিৰাপত্তা প্ৰদানৰ বাবেই চৰকাৰৰ এনে চিন্তা বুলি জনালে মন্ত্ৰী ড০ শৰ্মাই।