Local, Vocal, Global

১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰাথমিক শ্ৰেণীৰ পাঠদান

দেশৰ বিভিন্ন চহৰত ক’ভিডৰ তৃতীয় ৱেভ আৰম্ভ হোৱাৰ সময়তে  ১ জানুৱাৰীৰ পৰা খোলা হ’ব ৰাজ্য়ৰ প্ৰত্য়েকখন শিক্ষানুষ্ঠান। নাৰ্চাৰী, প্ৰাক-প্ৰাথমিককে ধৰি সকলো শ্ৰেণীৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব। ক’ভিডৰ ভয়াবহতাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো যোৱা মাৰ্চ মাহৰ মাজভাগৰ পৰা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰে। যোৱা সময়ছোৱাত উচ্চ পৰ্যায়ৰ শ্ৰেণীসমূহত অইলাইনযোগে শিক্ষাদানৰ ব্য়ৱস্থা কৰা হয় যদিও নাৰ্ছাৰীৰ পৰা নিম্ন পৰ্যায়ত শিক্ষাদান সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে। সোমবাৰে দিছপুৰত সংবাদমেলত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫ ডিচেম্বৰৰ পৰা হোষ্টেলসমূহ খুলি দিয়া হ’ব চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে । অৱশ্য চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাহিৰে আন শ্ৰেণীৰ শিক্ষাৰ্থীসকল হোষ্টেললৈ ঘূৰি আহিব নোৱাৰিব। ইয়াৰউপৰিও হোষ্টেলৰ আৱাসীসকলৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।