মহানগৰীৰ এপাৰ্টমেণ্টত অৰ্ধগলিত অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ বিগত ২৪ ঘণ্টাত মহানগৰীত পঞ্চমটো মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। মহানগৰীৰ বাঘৰবড়িত উদ্ধাৰ হয় মহিলাৰ মৃতদেহ।
বাঘৰবড়িৰ গংগা শান্তি এপাৰ্টমেণ্টত অৰ্ধগলিত অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহটো কাবেৰী হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, বাঘৰবড়িত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় আন এগৰাকী মহিলা। মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকী বীণাৱালা হাজৰিকা বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছতেই ঘটনাস্থলীত দিছপুৰ আৰক্ষীসহ ৰাজহ চক্ৰ বিষয়া উপস্থিত হয়। অতি গুৰুতৰ অৱস্থাত বীণাৱালা হাজৰিকাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইয়াৰপূৰ্বেও, মহানগৰীত পুৱা গান্ধীবস্তি আৰু বামুণীমৈদামত দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰোপৰি দেওবাৰে সন্ধিয়াও বৰাগাঁৱত সংঘটিত হৈছিল এক হত্যাকাণ্ড।