সোণাৰীত বিষাক্ত কাঠফুলা খাই শিশুসহ ৪ গৰাকীৰ মৃত্যু

নিউজ ডেস্ক ,১১ এপ্ৰিল : সোণাৰীত বিষাক্ত কাঠফুলা খাদ্য হিচাপে গ্ৰহন কৰি শিশুসহ ৪ গৰাকী লোকে কৰুণভাৱে মৃত্যুক সাবটিলে।
মৃত্যু হোৱা লোককেইজন সোণাৰীৰ লালতি পথাৰ নামৰ গাঁৱৰ বুলি জানিব পৰা গৈছে। মৃত্যু মুখত পৰা লোককেইজন ৭ এপ্ৰিলৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ আছিল ।
এগৰাকী শিশু সেই বিষাক্ত কাঠফুলা খাই থকাৰ সময়তে মৃত্যু হয় । লগতে বৰ্তমানে আন ৮ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন হৈ থকা আন চাৰিগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, মৃত্যু হোৱা লোককেইজন একেটা পৰিয়ালৰে , বৰ্তমানে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে পৰিয়ালটো। চিকিৎসাধীন অৱস্থাতে মৃত্যু মুখত পৰে দুটি শিশু আৰু দুগৰাকী মহিলা।
মৃত্যু মুখত পৰা লোককেইজন ক্ৰমে ৰীমা কৰ্মকাৰ (৩৫), জোনাকী প্ৰজা (৩২), অজয় কৰ্মকাৰ (১০) আৰু ছয়নীকা কৰ্মকাৰ (৮) বুলি জানিব পৰা গৈছে।