Local, Vocal, Global

নিশা ৯ বজাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল’ব শ্বেহবাজ শ্বৰীফে

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ পাকিস্তানত হৈ থকা ৰাজনৈতিক সংকটৰ মাজতেই সোমবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় শ্বেহবাজ শ্বৰীফ। আজি নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব শ্বেহবাজ শ্বৰীফে।

সোমবাৰে নেচনেল এচেম্বলীত নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে ভোটদান অনুষ্ঠিত হোৱাৰ কথা আছিল। অৱশ্যে, ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে, ইমৰান খানে পাকিস্তান সংসদৰ নিম্ন সদনৰ পৰা পদত্যাগ কৰে।

লগতে তেওঁৰ দল পিটিআইৰ সদস্যসকলেও ভোট বৰ্জন কৰিছিল আৰু নেচনেল এচেম্বলী ত্যাগ কৰিছিল। তাৰ পাছত, বিপক্ষ শিবিৰৰ অনুপস্থিতিত শ্বাহবাজৰ জয়ী হোৱাত কোনো সমস্যা নহ’ল।

উল্লেখ্য যে, পাকিস্তান মুছলিম লীগ নৱাজৰ অধ্যক্ষ শ্বেহবাজ শ্বৰীফ। নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ ২০১৮ চনৰ আগষ্টৰ পৰা পাকিস্তানৰ নেচনেল এচেম্বলীত বিৰোধী দলৰ নেতা হৈ আছে।

ইয়াৰ আগতে, তেওঁ তিনিবাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।