Local, Vocal, Global

শীতত ল’ব লগা ছালৰ যতন

শীতত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে। ওঁঠ ফাটে, কিছুমানৰ ভৰিৰ গেৰুৱা ফটা দেখা যায়।ছালৰ পৰিচর্যা কৰাৰ আগতে আমি আমাৰ ছালৰ-ধৰণ জানি লোৱাটো প্ৰয়োজন। আমাৰ শৰীৰৰ ছাল সাধাৰণতে চাৰি প্ৰকাৰৰ হয়। স্বাভাৱিক ছাল, তেলেতীয়া ছাল, শুকান ছাল আৰু মিশ্র ছিল। ছালৰ ধৰণ যিয়েই নহওক কিয়, ছাল ক্লিনজিং, টোনিং আৰু ময়শ্বাৰাইজিং কৰাটো প্রয়োজন। বজাৰত বিভিন্ন ধৰণৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ পোৱা যায়, কিন্তু আমি প্রকৃতিৰ পৰা পাব পৰা কিছুমান দ্রব্য ব্যৱহাৰ কৰি ছালখন সুস্থ, সবল আৰু উজ্জ্বল কৰি ৰাখিব পাৰো।

স্বাভাৱিক ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। কপাহত কেঁচা গাখীৰ লগাই মুখখন পৰিষ্কাৰ কৰিব। টোনাৰ হিচাপে গোলাপজল আৰু ময়শ্বাৰাইজাৰ হিচাপে বিশুদ্ধ মৌজোল ব্যৱহাৰ কৰিব পাৰে। স্বাভাৱিক ছালৰ গৰাকীয়ে লেপন হিচাপে দুচামুচ কণীৰ হালধীয়া অংশ, এচামুচ চন্দন পাউডাৰ আপেলৰ ৰসেৰে মিহলাই এটা লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে ছাল উজ্জ্বল হ’ব। স্বাভাৱিক ছালৰ গৰাকীয়ে এইখিনি পৰিচৰ্যা কৰিলেই শীতকালত হ’ব পৰা সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব।

তেলেতীয়া ছালৰ গৰাকীৰ ছালৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়। ছিবাম হ’ল ছালৰ তৈলগ্রন্থিৰ পৰা নিৰ্গত হোৱা এবিধ তেল। গ্রীষ্মকালত তেলেতীয়া ছালৰ গৰাকীৰ তৈলগ্রন্থিৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়, কিন্তু শীতকালত ইয়াৰ পৰিমাণ কমি যায়। শীতত ছিবাম কমকৈ নিৰ্গত হোৱাৰ কাৰণে তেলেতীয়া ছালৰ গৰাকীৰ ছালো শুকান হৈ পৰা দেখা যায়। তেলেতীয়া ছালৰ গৰাকীয়ে ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে।

শীতত শুকান ছালৰ গৰাকীয়ে বিভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায়। জলবায়ুত ময়শ্বাৰাইজাৰৰ অভাৱৰ হেতুকে শুকান ছাল আৰু অধিক শুকান হৈ পৰে। এই ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে গাখীৰৰ সৰ ব্যৱহাৰ কৰিব পাৰে। টোনাৰ হিচাপে গোলাপজলৰ লগত অকণমান মাখন ব্যৱহাৰ কৰিব পাৰে। ঘৰুৱা ময়শ্বাৰাইজাৰ হিচাপে পকা অমিতা আৰু মৌৰ মিশ্রণ ব্যৱহাৰ কৰিব পাৰে। শীতকালত ৰাতি শোৱাৰ আগতে কেঁচা গাখীৰেৰে কপাহৰ সহায়ত সদায় পৰিষ্কাৰ কৰিব। কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ গোলাপজল মিহলি কৰি ওঁঠত লগাওক। ওঁঠ ফটাৰ পৰা মুক্তি পাব।