শনিবাৰে অসমলৈ অমিত শ্বাহ, এইসকল কংগ্ৰেছ বিধায়কে পিন্ধিব গেৰুৱা বসন

শনিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ এই ভ্ৰমণকালতে কংগ্ৰেছৰ একাধিক বিধায়কে বিজেপিত যোগদান কৰিব বুলি ইংগিত দিলে বিজেপিৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই। অমিত শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচী তদাৰকী কৰিবলৈ ২৩ ডিচেম্বৰত অসমলৈ আহিব পাণ্ডা। অসম ভ্ৰমণকালত অমিত শ্বাহে ২০২১ৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গৰে বৈঠকত মিলিত হ’ব। বৈজয়ন্ত পাণ্ডাই প্ৰকাশ কৰা মতে বিৰোধী দলৰ ভালেসংখ্যক নেতাই বিজেপিত যোগদানৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু তাৰে কেইবাজনো নেতাই শীঘ্ৰেই দলটোত যোগদান কৰিব। ইতিমধ্যেই প্ৰাক্তন গড়কাপ্টানী মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰিছে। একেদৰে বৰাক উপত্যকাৰ লক্ষীপুৰ সমষ্টিৰ বহিষ্কৃত কংগ্ৰেছী বিধায়ক ৰাজদ্বীপ গোৱালাই অমিত শ্বাহৰ উপস্থিতিতে বিজেপিত যোগদানৰ প্ৰবল সম্ভাৱনা। কিন্তু বিজেপিত যোগ দিব পাৰে বুলি চৰ্চাত থকা আন এগৰাকী কংগ্ৰেছ বিধায়িকা ৰ’জলিনা তিৰ্কীয়ে এতিয়াও গেৰুৱা বসন পিন্ধিব নে নিপিন্ধিব সেয়া নিশ্চিত হোৱা নাই। সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়িকাগৰাকীয়ে বিজেপিত যোগ দিলেও টিকট লাভৰ নিশ্চয়তা দিয়া নাই ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গই। সেয়েহে বিজেপিত যোগদানৰ ক্ষেত্ৰত এখোজ আগুৱাই দুখোজ পিছুৱাই গৈছে ৰ’জলিনা।