Local, Vocal, Global

সমাজকৰ্মী শিক্ষাবিদ মিনতি বৰঠাকুলৈ সতী সাধনী বঁটা

২০২০ৰ সতী সাধনী বঁটাৰ বাবে বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ মিনতি বৰঠাকুৰক মনোনীত কৰা হৈছে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা প্ৰশাসনৰ সহযোগত অহা ২৪ ডিচেম্বৰত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমাজকৰ্মীগৰাকীক এই সন্মানীয় বঁটাটি প্ৰদান কৰিব । বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এখনি অংগ বস্ত্ৰ ।

মিনতি বৰঠাকুৰৰ জন্ম ১৯৪৭চনত নগাঁৱত । দৰং কলেজৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীৰূপে ১৯৬৬ত সোণৰ পদক লাভ কৰা বৰঠাকুৰে ২০০৬ত কটন মহাবিদ্যালয় দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে । বিগত ২৭ বছৰ ধৰি তেওঁ কেৱল নিজেই কৰ্কট ৰোগৰ স’তে যুঁজি অহাই নহয় বৰঞ্চ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীসকলৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে ।

২০০৪ৰ পৰাই নিয়মীয়াভাৱে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ভ্ৰমণ কৰি ৰোগীসকলৰ ব্যায়াম শিকোৱাৰ লগতে ৰোগীসকলৰ স’তে গীত-নৃত্য আদি কৰি তেওঁলোকক উৎসাহিত কৰি আহিছে । তেওঁ নিজৰ প্ৰচেষ্টাৰ জৰিয়তে ৰোগীসকলৰ মনৰ পৰা কম’থেৰাপী আৰু ৰেডিঅ’গ্ৰাফীৰ প্ৰতি থকা ভয় আঁতৰ কৰিবলৈ সক্ষম হৈছিল । তেওঁ প্ৰতিষ্ঠা কৰা ‘মিনতি কাউনছেলিং এণ্ড মেডিটেচন চেণ্টাৰ’ৰ যোগেদিও ৰোগীসকলৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে ।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ কৰ্কট প্ৰতিষ্ঠানসমূহৰ বাহিৰেও বিশেষকৈ শ্ৰীলংকাৰ ‘নেছনেল কেঞ্চাৰ হাস্পতাল’ আৰু ‘কলম্ব এণ্ড কেন্দী কেঞ্চাৰ হাস্পতাল’ বাংলাদেশৰ মহাকালিৰ ‘ঢাকা কেঞ্চাৰ হাস্পতাল’, মালদ্বীপৰ ইন্দিৰা গান্ধী মেম’ৰিয়েল নেছনেল হাস্পতাল’ মৰিছাৰ ‘ভিক্ট’ৰিয়া কেঞ্চাৰ হাস্পতাল’ আদি ৰোগীৰ বাবে সেৱা আগবঢ়োৱাৰ উপৰি সমাজসেৱীকাগৰাকীয়ে মালদ্বীপ কেঞ্চাৰ ছ’চাইটিৰ অনুৰোধ ক্ৰমে মালদ্বীপৰ বিভিন্ন স্থানত এই ৰোগৰ বিষয়ত বক্তৃতা প্ৰদান কৰে ।

তেওঁ আমেৰিকা, ব্ৰিটেইন, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ফ্ৰান্স, বেলজিয়াম, ছুইজাৰলেণ্ড, ইটালী, ভেটিকান, অষ্ট্ৰিয়া, জাৰ্মানী, থাইলেণ্ড,‌ ইণ্ডোনেছিয়া, ছিংগাপুৰ, ইজিপ্ত, মৰিছাচ আদি বিশ্বৰ প্ৰায় ২৩ খন দেশ ভ্ৰমণ কৰিছে । বৰঠাকুৰে ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে ‘মোৰ অসুখৰ এবছৰ’, ‘The Hardworking Nyishi Women of Arunachal Pradesh’, ‘কলিজা কাঁইটে বিন্ধিলে যি চৰাইয়ে গীত গাই’ আদি ।