Local, Vocal, Global

নাথুৰাম গডছেৰ স্মৃতিত কোনে নিৰ্মাণ কৰিলে ‘লাইব্ৰেৰী’?

বিশ্ব হিন্দু দিৱসক লগত সংগতি ৰাখি অখিল ভাৰতীয় হিন্দু মহাসভাই দেওবাৰে গোৱালীৱৰত মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ আদৰ্শ আৰু স্মৃতি ৰক্ষাৰ বাবে উদ্বোধন কৰিলে লাইব্ৰেৰী।

‘গডছে জ্ঞানশালা’ ৰ স্থাপন কৰা হয় হিন্দু মহাসভাৰ মুখ্য কাৰ্যালয় দৌলত গঞ্জত। হিন্দু মহাসভাৰ উপ-সভাপতি জয়বীৰ ভৰদ্বাজে কয় যে-এই লাইব্ৰেৰী বিশ্বৰ আগত গডছে সঁচা নেশ্বনেলিষ্ট হোৱাৰ কথা প্ৰকাশ কৰিবলৈ খোলা হৈছে। আৰু  তেওঁ এক অবিভক্ত ভাৰতৰ বাবে থিয় হৈ  মৃত্যুবৰণ কৰিছিল। লাইব্ৰেৰীৰ উদ্দেশ্য হৈছে সত্য ৰক্ষাকৰা যি টো গডছে আজিৰ অজ্ঞ যুৱপ্ৰজন্মৰ বাবে প্ৰয়োজনীয়।”

ইয়াৰ পূৰ্বেও মহাসভাই তেওঁলোকৰ গোৱালিয়ৰ কাৰ্যালয়ত গডছেৰ প্ৰতি উৎসৰ্গিত এটা মন্দিৰ নিৰ্মাণ কৰিছিল। কিন্তু সেই মন্দিৰটো পিছলৈ কংগ্ৰেছৰ প্ৰতিবাদৰ ফলত উঠাই দিয়া হৈছিল।