বিবাহৰ বাবে ৪ বছৰীয়া টাইমূৰলৈ অপেক্ষা কৰিব নুৰা ফাতেহিয়ে
নুৰা ফাতেহিয়ে কৰিণা কাপুৰ আৰু ছেইফ আলী খানৰ পুত্ৰ টাইমূৰ আলীক বিয়া কৰাব বিচাৰো বুলি কোৱাৰ পাছতেই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰিণা কাপুৰে। কৰিণাই কয় যে-ইয়াত কোনো সন্দেহ নাই যে নুৰা ফাতেহি সকলোৰে বাসনাৰ এগৰাকী অভিনেত্ৰী। লগতে তাই শেহতীয়াকৈ ‘KAMARIYA’, ‘SAKI SAKI REMAKE’, ‘PACHTAOGE’ আদিৰ জৰিয়তে যথেষ্ট জনপ্ৰিয় হৈছে। আৰু সকলো পুৰুষ অনুৰাগীয়েই তেওঁক বিয়া কৰাব বিচাৰে। কিন্তু নুৰাই টাইমূৰ আলী খানক বিয়া কৰাব বিচাৰিছে।
লগেত কৰিণাই নুৰাৰ কথাত হাঁহি কয় যে ‘টাইমূৰৰ বয়স মাত্ৰ চাৰি বছৰ আৰু বিবাহৰ বাবে তাৰ বহু সময় বাকী আছে।’ ইয়াৰ পিছতেই নুৰাই প্ৰত্যুত্তৰ দি কয় যে-‘ঠিক আছে মই ইয়াৰ বাবে অপেক্ষা কৰিম। আৰু এইদৰেই নুৰাৰ টাইমূৰক বিবাহ কৰাৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। বহুতে ইয়াক ধেমালি হিচাপে গণ্য কৰিছে যদিও আন বহুতে বিষয়টোক গভীৰভাৱে লৈ চৰ্চা আৰম্ভ কৰিছে।