Local, Vocal, Global

কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল কোহলি-অনুষ্কা

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু অভিনেত্ৰী অনুষ্কা শর্মা পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অর্জন কৰিছে। এই কথা বিৰাট কোহলিয়ে এক টুইটযোগে জনাইছে। মুম্বাইৰ এখন চিকিৎসালয়ত আজি এটি কন্যা সন্তান জন্ম দিয়ে অনুষ্কা শর্মাই। সন্তান জন্মৰ কিছু মুহূর্তৰ পিছতেই এই কথা টুইটাৰত জনায় বিৰাট কোহলিয়ে। আৰু লগে লগে শুভাকাংক্ষীৰ শুভেচ্ছাৰে ওপচি পৰে ছ’চিয়েল মিডিয়া। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে ইয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। অষ্ট্ৰেলিয়াত চলি থকা ব’র্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাৰ প্ৰথম টেষ্ট মেচত খেলাৰ পিছতেই কোহলিয়ে দেশলৈ উভতি আহিছিল। কিন্তু ইয়াৰ আগেয়ে অষ্ট্ৰেলিয়াত এদিনীয়া শৃংখলা আৰু টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিছিল। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলা হেৰুৱাইছিল যদিও টি-২০ শৃংখলা জয় কৰিবলৈ সক্ষম হৈছিল। বিৰাট কোহলিয়ে কয়- ‘আজি দুপৰীয়া অনুষ্কাই এটি কন্যা সন্তান জন্ম দিয়ে। বর্তমান নৱজাতক  কন্যা আৰু অনুষ্কা দুয়ো সম্পূর্ণ সুস্থ। এনেকুৱা এটা মিঠা অভিজ্ঞতাৰ সোৱাদ ল’বলৈ পাই আমি যথেষ্ট সুখী’। বিৰাট কোহলি আৰু অনুষ্কা শর্মাৰ বিবাহ হৈছিল ২০১৮ চনত। কোহলি আৰু অনুষ্কাই সকলো শুভাকাংক্ষীকে ধন্যবাদ জ্ঞাপন কৰিছে।