‘অধিক ভয়ংকৰ হ’ব কাল কৰ’না’-সতৰ্কবাণী WHO
সাৱধান! অধিক সতৰ্ক হওক! বৰ্তমানতকৈ অধিক ভয়ংকৰ হ’ব কাল কৰ’না। বিশ্ব স্বাস্থ্য সংস্থাই জনালে আন এক সতৰ্কবাণী। বিগত ১০ মাহে সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’না। বিশ্বৰ প্ৰায় ১৫০খনৰো অধিক দেশত কাল কৰনাৰ পৰিছে কোপ দৃষ্টি। বিশেষকৈ আমেৰিকা,ভাৰত, ব্ৰাজিল স্পেইন আদি দেশত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’নাই।
কিন্তু শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে আন এক সতৰ্কবাণী। ছুইজাৰলেণ্ড জেনেভাস্থিত WHOৰ মুখ্য কাৰ্যালয়ত অনুস্থিত এক বৈঠকৰ অন্তত জনায় যে, প্ৰায় ৮০ কোটি লোক আক্ৰান্ত হ’ব মহামাৰী কৰনাত। উল্লেখ্য যে, বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ৩৬কোটি ৭৭লাখ ৬০১৫ লোক ইয়াৰ বিপৰীতে মৃত্যু হৈছে ১০ লাখৰো অধিক লোকৰ।
২০১৯ বৰ্ষত চীনৰ য়ুহান পৰা উত্পত্তি হোৱা কৰ’নাত অধিক ক্ষতিগ্ৰস্থ হৈছিল আমেৰিকা আৰু ভাৰত। লক্ষ্যণীয়ভাৱে ভাৰতত বৰ্তমানে প্ৰতিদিনে কৰনাত আক্ৰান্ত হৈ আছে প্ৰায় ৯০ হাজাৰো অধিক লোক। আনহাতে WHO আশংকা যদি সত্য হয় তেন্তে বিশ্ববাসীৰ লগতে ভাৰতবাসীৰ বাবে হৈ পৰিব অধিক ভয়ংকৰ।