মদ সেৱনৰ পূৰ্বে কিয় কৰা হয় ‘চিয়ৰছ’ ?
আপুনি যদি মদ নাখায় তেন্তে আপুনি ভালদৰে জ্ঞাত নহয়! হয়টো আপুনি দুই-তিনিজনে একেলগে মদ সেৱন কৰা দেখিছে। দুই-তিনিজনে একলগে মদ খোৱাৰ সময়ত আপুনি নিশ্চয় বটলৰ পৰা মদ গিলাছ ঢালি উঠি গিলাছ কেইটা খুন্দিয়াই দিয়া দেখিছে। কিন্তু আপুনি জানানে মদ সেৱন কৰাৰ আগত কিয় চিয়ৰছ কৰা হয়?
মদ সেৱন কৰাৰ আগত চিয়ৰছ কৰাৰ কেতবোৰ প্ৰবাদ আছে। কিন্তু ইয়াৰ ভিতৰত গ্ৰহণযোগ্য প্ৰবাদ দুটা আছে। উল্লেখ্য যে মধ্যকালীন যুগত উদ্ভৱ হৈছিল চিয়ৰছ শব্দটো। সেই সময়ৰ লোকসকলে মদ্যপান কৰাৰ আগত চিয়ৰছ কৰিছিল।
এই চিয়ৰছ কৰাৰ অন্যতম কাৰণ এটা হল যে মধ্য যুগত শত্ৰুয়ে বিহ দি প্ৰায় লোকক হত্যা কৰিছিল। লক্ষ্যণীয়ভাৱে এই বিহ সৰ্বাধিক মিহলোৱা হৈছিল মদত। কোনো-কোনো সময়ত মদখোৱা স্থানতে শত্ৰুয়ে মদৰ লগত বিহ মিলাই দিয়াৰ বহু প্ৰমাণ পোৱা গৈছিল। কালক্ৰমণ এনে ঘটনা প্ৰবাহ বৃদ্ধি পোৱাৰ লগে-লগে মানুহবোৰে চিয়ৰছ কৰি খোৱাৰ প্ৰথা আৰম্ভ কৰে। যেতিয়া বহুকেইজনমান লোক লগ হৈ সুৰাপান কৰে, তেতিয়া মদৰ প্ৰথমটো গিলাছ লওতেই সকলোৱে এনেদৰে চিয়ৰছ কৰে, যাতে গিলাছত থকা মদ গোটেইকেইটা গিলাছতে এটোপাল হলেও মিহলি হৈ পৰে। আৰু আটাইকেইজনে শংকামুক্ত হৈ সুৰাপান কৰিব পাৰে।
সুৰাপান কৰাৰ চিয়ৰছ কৰাৰ অন্য এটা কাৰণ হ’ল। মধ্যযুগত কালা যাদুৰ প্ৰচলন অধিক আছিল। বিভিন্ন সম্প্ৰদায়ৰ মাজত কালাযাদুৰ অধিক সম্প্ৰসাৰণ ঘটিছিল। একাংশই ধাৰণা কৰিছিল যে, মদ সেৱনৰ স্থান বা আদ্দাস্থলীত বেয়া শক্তিৰ প্ৰভাৱ আছে । সেয়ে মদ খোৱাৰ সময়ত সকলোৱে গিলাছৰ শব্দ কৰি সেই ঠাইৰ পৰা বেয়া শক্তি খেদাৰ চেষ্টা কৰিছিল বুলি এক প্ৰবাদ আছে।