Local, Vocal, Global

প্ৰশ্নকাকত কেলেংকাৰিত পুনৰ গ্ৰেপ্তাৰ দুই অভিযুক্ত

ৰাজ্য কঁপোৱা SI প্ৰশ্নকাকত কেলেংকাৰিৰ তদন্ত অব্যাহত। আৰক্ষীৰ জালত পৰিছে এজন পিছত আনজন অভিযুক্ত। SI প্ৰশ্নকাকত কেলেংকাৰিত অভিযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কৰিছে প্ৰায় অৰ্ধশতাধিক অভিযুক্ত। সময় অতিবাহি হোৱাৰ লগে-লগে অধিক ক্ষীপ্ৰ হৈছে আৰক্ষীৰ তদন্ত। আৰক্ষীৰ জালত পৰা মূল অভিযুক্ত পি.কে.দত্ত আৰু দিবন ডেকাই ইতিমধ্যে মুখ খোলাৰ আৰম্ভ কৰিছে।

SI কেলেংকাৰিৰ অভিযোগত CIDয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে এজনক। গুৱাহাটী বিমান বন্দৰৰ পৰা ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰে সৰোজ শৰ্মা নামৰ এজন লোকক। উল্লেখ্য যে SI প্ৰশ্নকাকত কেলেংকাৰিৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মা। আনহাতে CIDয়ে দুদিন পূৰ্বে বঙাইগাঁৱত চীল কৰা অক্ষয় টেলিকমিউনিকেচনৰ লগত জড়িত আছিল সৰোজ শৰ্মা।

আনহাতে শুক্ৰবাৰে দুপৰীয়া নলবাৰীত আত্মসমৰ্পণ কৰে ৰুবুল হাজৰিকা নামৰ আনজন লোকক। ADGP জি.পি. সিঙৰ নেতৃত্বত নলবাৰীলৈ যোৱা এটি দলে নলবাৰীতে প্ৰাৰম্ভিক সোধপোচ কৰি গুৱাহাটীলৈ ৰাওনা হয়।