Local, Vocal, Global

বতাহতো বিয়পে মাৰাত্মক কৰ’না ভাইৰাছ

কৰ’না ভয়াবহ সংক্ৰমণৰ মাজতে  বিশ্ব স্বাস্থ্য সংস্থাৰ আন এক সতৰ্কবাণী ।

বতাহতো বিয়পে মাৰাত্মক কৰ’না ভাইৰাছ ।  বিগত সময়ত বিশ্বৰ বহু গৱেষকে দাৱী কৰি আহিছিল যে বতাহতো কৰ’না ভাইৰাছ বিয়পে । অৱশেষত এই কথা মানি লোৱাৰ লগতে আনুষ্ঠানিক সহমত প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে কৰ’না ভাইৰাছে ৰূপ সলাই অধিক ভয়াৱহ হোৱাৰ  লগতে আগন্তক দিনত কৰ’নাত প্ৰাণ হেৰুৱাব বিশ্বৰ বহু সংখ্যক লোকে ।