Local, Vocal, Global

কনটেইনমেণ্ট জ’ন ঘোষণা লাকুৱা আৰক্ষী চকীৰ কোৱাৰ্টাৰ চৌহদ

চৰাইদেউ জিলাৰ সোণাৰি ৰাজহ চক্ৰৰ অন্তৰ্গত লাকুৱা আৰক্ষী চকীৰ এজন বাহন চালকৰ ক’ভিড-১৯ পজিটিভ  পোৱা গৈছে ।তদুপলক্ষ্যে চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই এক আদেশযোগে লাকুৱা আৰক্ষী চকীৰ প্ৰশাসনিক ছাউনীক বাদ দি লাকুৱা আৰক্ষী চকীৰ কোৱাৰ্টাৰ চৌহদ, ৰান্ধনীশাল আৰু এএছআৰএফ বেৰেকক ৭ জুলাই, ২০২০ৰ পুৱা ৬ বজাৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত কনটেইনমেণ্ট জ’ন হিচাবে ঘোষণা কৰিছে আৰু সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজক তৎকালে উক্ত অঞ্চলটো ছীল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কনটেইনমেণ্ট জ’নৰ চাৰিসীমাকেইটা হৈছে লাকুৱা আৰক্ষী চকীৰ কুৱাটাৰ; এএছআৰএফ বেৰেক আৰু ৰান্ধনীশালক কণ্টেইনমেণ্ট জ’নৰ কেন্দ্ৰস্থল হিচাপে লৈ পূবদিশে‌ খগেন মেধিৰ বাসগৃহৰ ফালে থকা লাকুৱা আৰক্ষী চকীৰ চাৰিসীমালৈকে, পশ্চিমে সৃজনী সমাজ নাট্য মন্দিৰৰ (প্ৰেক্ষাগৃহ) ফালে থকা লাকুৱা আৰক্ষী চকীৰ চাৰিসীমালৈকে, উত্তৰে লাকুৱা মডেল চিকিৎসালয়ৰ ফালে থকা লাকুৱা আৰক্ষী চকীৰ চাৰিসীমালৈকে আৰু দক্ষিণে লাকুৱা আৰক্ষী চকীৰ ফালে থকা চাৰিসীমালৈকে।

প্ৰশাসনিক ছাউনীক বাদ দি লাকুৱা আৰক্ষী চকীৰ সমগ্ৰ চৌহদটোক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ উপৰিও মুনীন্দ্ৰ চেতিয়াৰ সংস্পৰ্শলৈ অহা সকলো আৰক্ষীৰ লোককে কনটেইনমেণ্ট এলেকাৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। উক্ত অঞ্চলসমূহত কোনো ব্যক্তি বা বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আৰু কেৱল অত্যাৱশ্যকীয় সেৱাসমূহহে এই অঞ্চলসমূহত উপলব্ধ হ’ব।

এই আদেশ অমান্য কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে দি আসাম ক’ভিড-১৯ ৰেগুলেচনছ,২০২০, দি ডিজাছষ্টাৰ মেনেজমেন্ট এক্ট, ২০০৫, দি এপিডামিক ডিজিজেজ এক্ট, ১৯৮৭ৰ মতে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।