Local, Vocal, Global

আপোনাৰ ৰাশি কি? আজিৰ দিনটো কেনেকুৱা হ’ব?

মেষঃ হাঁহি-ধেমালিৰ মাজেৰে শুভ কৰ্ম সম্পাদন হোৱাৰ যুগ।খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা।স্বাস্থ্য কিছু পৰিমাণে দুৰ্বল।সৰু সুৰা বিৰোধী কথাত বেছি মন নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল।শুভ ৰং ক্ৰীম।শুভ সংখ্যা ২।

বৃষঃ আৰক্ষীৰ লোকে সামাজিক কাম কৰি স্বীকৃতি লাভ কৰিব।আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। আগতে কৰা কৰ্মৰ পৰা বিপদৰ আশংকা। শুভ ৰং বগা। শুভ সংখ্যা ৪।

মিথুনঃ কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব।প্ৰেমত জটিলতাৰ সন্মখীন হ’ব। বিবাহত বাধা আহিব। সৰু সুৰা কথাত মানসিক কিছু প্ৰভাৱ পেলাব। আৰ্থিক প্ৰাপ্তিৰ আশা। শুভ ৰং গেৰুৱা ।শুভ সংখ্যা ৩।

কৰ্কটঃ খোৱা-বোৱাৰ খেলমেলি হ’ব। বিদেশ যাত্ৰাত বিলম্ব ঘটিব পাৰে।পূৰ্বিদনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত।শৰীৰো ভালে যোৱাৰ কাৰক।প্ৰেমিকাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৫।

সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে।পাৰিবাৰিক কন্দল বাঢ়িব। সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব।উচ্চশিক্ষা লাভৰ যোগাযোগ হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।

কন্যাঃ কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব। পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য হৈ সম্পদ হানি হোৱাৰ যোগ। শুভ ৰং গেৰুৱা।শুভ সংখ্যা ৭।

তুলাঃ কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰিব পাৰে।সাৱধান হ’লে ভয় কম। যান-বাহনৰ ব্যৱসায়ীয়ে নতুন দোকান প্ৰতিষ্ঠা কৰি সুফল পাব। শৰীৰৰ সাধাৰণ অহুকাল।শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

বৃশ্চিকঃ ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। তীৰ্থযাত্ৰীসকলে ধৰ্মস্থানত আদৰ-সন্মান লাভ কৰিব।স্বাস্থ্যৰ পূৰ্বৰ তুলনাত উন্নত। উপাৰ্জনৰ নতুন পথ মুকলিৰ সম্ভাৱনা। শুভ ৰং নীলা। শুভ সংখ্যা ১১।

ধনুঃ উন্নত দিনৰ অনুমান। ঘৰুৱা পৰিৱেশ অস্বস্তিকৰ হ’ব। আত্মীয় তথা বন্ধুৰ আগমন ঘটিব। পৰিয়ালৰ মাজত থকা সু-মনোভাবৰ দ্বাৰা সকলোফালে উন্নতি লাভ কৰিব। বিদ্যাত বাধা কম। শুভ ৰং ক্ৰীম।শুভ সংখ্যা ৯।

মকৰঃ ব্যৱসায়ত ক্ষতিৰ আশংকা। দুৰ্ঘটনাৰ আশংকা থাকিব। পুৰণি পৰিৱেশৰ সলনি প্ৰতি মন কৰিব পাৰে। শুভ সংবাদ লাভৰ সম্ভাৱনা। শুভ ৰং বগা। শুভ সংখ্যা ৮।

কুম্ভঃ শাৰীৰিক কষ্টৰ যোগ প্ৰবল। প্ৰেমত প্ৰতাৰিত হোৱাৰ যোগ। খৰচ কমাবলৈ যত্ন কৰক। অত্যাধিক খৰচ হ’লেও আয়ত্ত থাকিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

মীনঃ পৰিয়ালত কাৰোবাৰ বিপদ হ’ব পাৰে। ডাঙৰ ভাতৃৰ পৰা প্ৰেৰণা লাভ কৰি ব্যৱসায়ত সুফল লাভ কৰিব। খোৱা-বোৱাত খেলিমেলি ৰোগৰ কাৰণ হ’ব পাৰে। শুভ ৰং ক’লা । শুভ সংখ্যা ১।