Local, Vocal, Global

অগপ এতিয়া ৩ নেতাৰ কোম্পানী বুলি কৈ দল ত্যাগ পবীন্দ্ৰ ডেকাৰ

অসম গণ পৰিষদ এদিন বিজেপিত জাহ যাব। এই ভৱিষ্যত বাণীৰে অসম গণ পৰিষদ এৰিলে পাটাছাৰকুছিৰ অসম গণ পৰিষদৰ বিধায়ক পবীন্দ্ৰ ডেকাই। দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ নেতৃত্বৰ প্ৰতি ৰাজহুৱাকৈ অসন্তুষ্টি ব্যক্ত কৰি অহা ডেকাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছিল। সংবাদমেলত অগপ ত্যাগৰ কথা ঘোষণা কৰি পবীন্দ্ৰ ডেকাই মন্তব্য কৰে যে অসম গণ পৰিষদ এতিয়া ৩জন নেতাৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ দৰে। অগপৰ হাতত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ মুঠেও সুৰক্ষিত নহয় বুলি কৈ পবীন্দ্ৰ ডেকাই দলৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। বিজেপিৰে মিত্ৰজোঁটত থাকিবলৈ গৈ অসমৰ সমস্যাসমূহৰ ক্ষেত্ৰত মাত মতাৰ অধিকাৰ হেৰুৱাই আদৰ্শচ্যুত হৈছে আঞ্চলিকতাবাদী দলটো। অগপৰ পৰা পদত্যাগ কৰা ডেকাই প্ৰয়োজন সাপেক্ষে সমষ্টিবাসীৰ লগত কথা পাতি বিধায়ক পদ ত্যাগৰো সিদ্ধান্ত ল’ব পাৰে বুলিও ব্যক্ত কৰে। তেওঁৰ দৰে অসম গণ পৰিষদৰ বৰ্তমানৰ আৰু দুই-তিনিজন বিধায়কে দল ত্যাগ কৰি আন দলত যোগ দিয়াৰ সম্ভাৱনাও প্ৰকাশ কৰে পাটাছাৰকুছিৰ বিধায়কজনে। অগপ ত্যাগ কৰি পবীন্দ্ৰ ডেকাই অসম জাতীয় পৰিষদৰ শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া ৰাজনৈতিক অভিৱৰ্তনত নতুন দলটোত যোগদান কৰিব বুলি জানিব পৰা গৈছে।