Local, Vocal, Global

কংগ্ৰেছ শূন্য হৈ পৰিল বিটিচি

শেহতীয়াকৈ ঘোষণা হোৱা বিটিচি নিৰ্বাচনৰ ফলাফলত শোচনীয় প্ৰদৰ্শনেৰে কংগ্ৰেছ-এআইইউডিএফে লাভ কৰিছিল মাত্ৰ এখন আসন। শ্ৰীৰামপুৰৰ কংগ্ৰেছী প্ৰাৰ্থী সুজল সিনহাই জয়ৰ মুখ দেখাৰ বাহিৰে আন এজনো কংগ্ৰেছী প্ৰাৰ্থীয়ে জয়ী হ’বলৈ সক্ষম নহ’ল। কংগ্ৰেছৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী সুজন সিনহাই বিজেপিত যোগদান কৰা বুলি সোমবাৰে সন্ধিয়া এখন সংবাদমেলত সদৰী কৰিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুজল সিনহাক কাষত বহুৱাই হোটেল লিলিত সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিপিএফৰো ৪-৫গৰাকী নৱ নিৰ্বাচিত পাৰিষদে দুই-এদিনতে যোগ দিব বিজেপিত৷আনহাতে, সাংবাদিকৰ সন্মুখত ন-বিজেপি তথা শ্ৰীৰামপুৰৰ বিজয়ী প্ৰাৰ্থী সুজন সিনহাৰ মন্তব্য শ্ৰীৰামপুৰৰ উন্নয়নৰ বাবেই যোগদান কৰিছে বিজেপিত৷