Local, Vocal, Global

আপোনাৰ ৰাশি কি? আজিৰ দিনটো কেনেকুৱা হ’ব

মেষঃ দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। শৰীৰৰ প্রতি নজৰ ৰাখক। প্রিয় লোকৰ কোন কথাত সন্তুষ্ট নহ’ব শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৫।

বৃষঃ কৰ্মৰ ওপৰত বিশ্বাস থাকিব। কোনো কাৰণে বিৰক্ত ভাব আহিব  পাৰে। আর্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব। সন্তানৰ  ভালেই। শুভ ৰং নীলা।শুভ সংখ্যা ১।

মিথুনঃ সাধাৰণ খং ৰাগ থাকিব।প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামত কৰা চেষ্টাত সফল হ’ব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮।

কির্কটঃ  শৰীৰৰ প্রতি যত্ন ল’ব। বিদ্যার্থীৰ মধ্যম। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। শুভ ৰং বগা।শুভ সংখ্যা ৩।

সিংহঃ ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম। ভ্রমণাদিত কষ্ট হলেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভাল নহব। নতুন সংবাদত আনন্দ। শুভ ৰং ক্রীম। শুভ সংখ্যা ২।

কন্যাঃ আনৰ কথাত অসন্তুষ্টি প্রকাশ। শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই। আত্মীয়ৰ সংগ লাভ। বিদ্যাত বেয়া নহ’ব। শুভ ৰং কলা। শুভ সংখ্যা ৪।

তুলাঃ সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আর্থিক চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি। ব্যস্ততা। শুভ ৰং কমলা। শুভ সংখ্যা ৭।

বৃশ্চিকঃ কেতু মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই। কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হলেও থাকিব। শৰীৰ মধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা।শুভ সংখ্যা ৫।

ধনুঃ দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ। অর্থ লাভ। স্বার্থৰ বাহিৰত থকালৈ আপোনাৰ অহৈতুক অবিশ্বাস হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।

মকৰঃ মধ্যম হলেও সাৱধানেৰে দিনটো পাৰ কৰক। খৰচ পাতিৰ লগত কোনোৰ বাবে মনত দুখ বা অযথা কৰ্মত সময় অপব্যয় হ’ব। বিদ্যাত জটিলতা নাপায়। কর্মাদিও অযথা মন্থৰতা। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

কুম্ভঃ ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰো দেখা যায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়। প্রাপ্যদি কিছু পাব আৰু নতুন চিন্তাৰ উৎসাহ পাব, কিন্তু দাম্পত্যত উদ্বেগ।শুভ ৰং বগা। শুভ সংখ্যা ৯।

মীনঃ  খং-ৰাগ বৃদ্ধি পাব পাৰে। শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ কাৰণ নাই। অৱশ্যে প্রাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৫।