Local, Vocal, Global

গীর্জা ভঙাৰ অপৰাধত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ

নদীদ্বীপ হিচাপে বিশ্ববিখ্যাত মাজুলীৰ নিজা ঐতিহ্য আৰু স্বকীয়তা আছে। মাজুলীৰ চিনাকি সত্ৰনগৰী হিচাপে বিশ্বজুৰি। কিন্তু এইবাৰ সত্ৰনগৰী মাজুলী ধৰ্মকেন্দ্ৰিক বিবাদত সোমাই পৰিছে। ধৰ্ম ৰক্ষা কৰিবলৈ গৈ আইনৰ ৰোষত পৰিছে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী। ২০১৮ত এটা গীৰ্জা ভঙাৰ অভিযোগত অভিযুক্ত জনাৰ্দন দেৱগোস্বামীক দোষী সাব্যস্ত কৰি ১০,৫০০ টকাৰ জৰিমণা বিহে। সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীক জনগোষ্ঠীয় অধ্যুসিত এলেকাক খ্ৰীষ্টানমুক্ত কৰাৰ বাবে বহু সভা-সমিতিৰ আয়োজন কৰিছে। কিন্তু সেই কথাক একাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে সহজভাৱে ল’ব পৰা নাছিল আৰু প্ৰশান্ত পায়েং নামৰ এজন খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকে সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে গীৰ্জা ভঙাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল। আজি আদালতে সেই গোচৰৰ ৰায়দান কৰি সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীক দোষী সাব্যস্ত কৰি ১০.৫০০ টকাৰ জৰিমণা বিহে।