Local, Vocal, Global

ভাৰতীয় ক্ৰিকেটৰ Black Saturday, ৩৬ ৰানতে শেষ ইনিংছ

এডিলেইড অভেলত স্বৰূপ উন্মোচিত হ’ল টীম ইণ্ডিয়াৰ শক্তিশালী বেটিং লাইনআপৰ৷ প্ৰশংসকে বিশ্বশ্ৰেষ্ঠ বুলিও ক’ব খোজা বিৰাট কোহলিৰ দল মুখথেকেছা খাই পৰিল অষ্ট্ৰেলিয়াৰ এডিলেইড অভেলৰ ২২ গজৰ মহাৰণত৷ অষ্ট্ৰেলিয়াৰ বিশ্বত্ৰাস ফার্ষ্ট বলিঙৰ ওচৰত বিনাযুদ্ধে আত্মসমপৰ্ণ কৰিলে টীম ইণ্ডিয়াৰ সকলো বেটছমেনে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথম টেষ্টত নিজৰ দ্বিতীয় ইনিংছত ২১ অভাৰ ২টা বলত মাত্ৰ ৩৬ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হ’ল কোহলিবাহিনী। অনায়াসে অষ্ট্ৰেলিয়াই মাত্ৰ দুটা উইকেট হেৰুৱাই ৯০ ৰানৰ লক্ষ্যত উপনীত হৈ ভাৰতক ধৰাশায়ী কৰিলে। প্ৰথম ইনিংছত ৫৩ ৰানৰ অগ্ৰগতি লৈ শুকুৰবাৰে এটা উইকেটৰ বিনিময়ত ৯ ৰান সংগ্ৰহ কৰিছিল ভাৰতে। কিন্তু শনিবাৰ আছিল শনি লগা। ক’ব পাৰি ভাৰতীয় ক্ৰিকেটৰ বাবে ব্লেক ছেটাৰডে’। নাইট ৱাটছমেন বুমৰাহেৰে আৰম্ভ হ’ল ভাৰতীয় বেটছমেনৰ পেভিলিয়নমুখী যাত্ৰা। চেতশ্বৰ পূজাৰা ০, ৰাহানে ০, অশ্বিন ০। কোহলি ৪, দ্ধিমান সাহা ৪। হনুমা বিহাৰী ৮, মায়ং আগৰৱাল ৯। আৰু শেষত মহম্মদ স্বামী আঘাতপ্ৰাপ্ত হৈ বাহিৰ। উমেশ যাদৱ চাৰি ৰানত নট আউট৷ এয়াই আছিল ভাৰতীয় বেটছমেনৰ অৱদান। অষ্ট্ৰেলিয়াৰ ফার্ষ্ট বলাৰ হেজেল উদৰ ৫ উইকেট, কামিনছৰ ৪টা উইকেট। হেজেল উদৰ বলিং বিশ্লেষণ পাঁচ অভাৰ তিনিটা মেইডেন আঠ ৰান পাঁচটা উইকেট। হেজেল উদৰ আৰু কামিনছৰ স্বপ্নৰ স্পেলত তাচপাতৰ দৰে খহি পৰিল টীম ইণ্ডিয়াৰ বেটিং লাইনআপ। জয়ৰ বাবে মাত্ৰ ৯০ ৰানৰ লক্ষ্যৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰি জ’ বাৰ্ণৰ অৰ্ধশতকেৰে অনায়াসে প্ৰথম টেষ্ট বিজয় সাব্যস্ত কৰে অষ্ট্ৰেলিয়াই। চাৰিখন টেষ্টৰ ছিৰিজত ১-০ত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ। ভাৰতৰ ৩৬ ৰানত শেষ হোৱা ইনিংছটো টেষ্ট ক্ৰিকেটৰ সবৰ্নিম্ন ৰানৰ ইনিংছৰ তালিকাৰ পঞ্চম স্থানত বহিল।

  • বিশ্বৰ টেষ্ট ক্ৰিকেটৰ সবৰ্নিম্ন ৰানৰ ইনিংছত ভাৰত পঞ্চমত
    ইংলেণ্ডৰ বিৰুদ্ধে ২৬ ৰানত ইনিংছ সামৰি তালিকাৰ শীৰ্ষত নিউজীলেণ্ড
    দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম সবৰ্নিম্ন ৰানৰ ইনিংছ দক্ষিণ আফ্ৰিকাৰ
    ইংলেণ্ডৰ বিপক্ষে দুবাৰকৈ ৩০ ৰানত অল আউট দক্ষিণ আফ্ৰিকা
    ইংলেণ্ডৰ বিপক্ষে এবাৰ ৩৫ ৰানত অল আউট হৈছিল দক্ষিণ আফ্ৰিকা
    অষ্ট্ৰেলিয়াৰ বিপক্ষে এবাৰ ৩৬ ৰানত অল আউট হৈছিল দক্ষিণ আফ্ৰিকা
    অষ্ট্ৰেলিয়াও ইংলেণ্ডৰ বিপক্ষে ৩৬ ৰানত এবাৰ হৈছিল অল আউট
    তাৰ পিছতে এডিলেইডত ভাৰতৰ ৩৬ ৰানৰ এই ইনিংছ

আনহাতে টেষ্ট ক্ৰিকেটৰ ইতিহাসত এইবাৰেই ভাৰতৰ আটাইতকৈ সবৰ্নিম্ন ৰানৰ ইনিংছ, ইয়াৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে ১৯৭৪ চনত ৪২ ৰানত অল আউট হৈছিল ভাৰত, ১৯৫২ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৮, ১৯৯৬ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬৪, মুঠতে শনিবাৰে টেষ্ট ক্ৰিকেটত লজ্জাজনক অভিলেখ টীম ইণ্ডিয়াৰ।

প্ৰথম টেষ্টত এনে এক শোচনীয় পৰাজয়ৰ পিছত বাকী থকা তিনিখন টেষ্টত ভাৰতৰ আৰু কি দশা হয় সেয়া ভাবি হতাশ হৈছে ভাৰতীয় ক্ৰিকেট অনুৰাগী। আশাৰস্থলী কেপ্টেইন কোহলিয়ে দলটোক অথাই সাগৰত এৰি উভতিব দেশলৈ। ৰোহিত শৰ্মাই দ্বিতীয় টেষ্ট খেলিব পাৰেনে নে নোৱাৰে অনিশ্চিত। কোহলিৰ অনুপস্থিতিত অধিনায়ক হ’ব ফৰ্মত নথকা আজিংকা ৰাহানে। আঘাতপ্ৰাপ্ত জাদেজা, শনিবাৰে আঘাতপ্ৰাপ্ত ফাষ্টৰ্ বলাৰ মহম্মদ স্বামী। মুঠতে অষ্ট্ৰেলিয়াত ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অৱশিষ্ট সন্মানকণো লাঘৱ হোৱাৰ আশংকা।