Local, Vocal, Global

নিৰাপদে আপোন দেশত উভতিল ৰাছেল, নাৰাইন

আইপিএলত অংশগ্ৰহণ কৰা সকলো কেৰিবিয়ান ক্ৰিকেট খেলুৱৈ নিৰাপদে আপোন দেশত উভতিল । এই তথ্য সদৰী কৰে ৱেষ্ট ইণ্ডিজৰ কৰ্তাই ।  ভাৰতীয় বোৰ্ডক নিৰাপদে উভতোৱাৰ বাবে ধন্যবাদ জনায় ক্ৰিকেটাৰসকল । ক্ৰিকেট খেলুৱৈৰ শৰীৰত ক’ভিডৰ উপস্থিতি লাভ কৰাৰ  পিছত ৪ মে’ত আইপিএল স্থগিত কৰা হয় ।কায়ৰন পোলাৰ্ড, জেছন হোল্ডাৰ, সুনীল নাৰাইণ, আন্দ্ৰে ৰাছেল, দ্বনে ব্ৰাভ’, নিক’লাছ পুৰান, ছিমৰন হেটমেয়াৰ আৰু ফেবিয়েন এলেন দেশত উভতি যায় ।