Local, Vocal, Global

নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ দায়িত্বত সমীৰ কুমাৰ সিনহা

জ্যেষ্ঠ আই এ এছ বিষয়া সমীৰ কুমাৰ সিনহা নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ প্ৰধান সচিব হ’ব।সিনহা ৰাজ্য চৰকাৰৰ বিত্ত,স্বাস্থ্য আৰু পৰিয়াল কল‍্যাণ বিভাগৰ, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিবৰ লগতে নতুন দিল্লীস্থ অসম ভৱনৰ অতিৰিক্ত প্ৰধান আবাসিক আয়ুক্তৰ দায়িত্বত আছিল।সিনহাক মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ দায়িত্ব অৰ্পণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে কৰ্মচাৰী বিভাগে।অৱশ্যে তেওঁক বিত্ত আৰু অসম ভৱনৰ অতিৰিক্ত প্ৰধান আবাসিক আয়ুক্তৰ দায়িত্ব অপৰ্ণ কৰিছে।