কলিয়াবৰত এজাক যুদ্ধাৰ কঠোৰ অনুশীলন

দেশ মাতৃক সেৱা কৰাৰ হাবিয়াস এজাক যুদ্ধাৰ। চাহ জনজাতি অধ্যুষিত অঞ্চলত সামৰিক পৰীক্ষাৰ বাবে সাজু এজাক তৰুণ-তৰুণী। উৎকট গৰমকো নেওচি চলাই গৈছে কঠোৰ কচৰৎ।
কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাৰ খেলপথাৰত ব্যস্ত এজাক চাহ জনগোষ্ঠীয় তৰুণ-তৰুণী।কৰিছে কঠোৰ অনুশীলন। শাৰীৰিক মানসিক ভাবে নিজকে প্ৰস্তুত কৰি তুলিছে। কিয়নো এওঁলোকৰ দেশ মাতৃক সেৱা কৰাৰ হেঁপাহ। দেশ মাতৃৰ সেৱাত ব্ৰতী হ’বৰ বাবে এজাক নতুন প্ৰজন্মই দেখিছে দেশ সেৱাৰ সপোন।সেয়ে ৰ’দ-বৰষুণ নেওচি কৰি গৈছে কঠোৰ অনুশীলন।
অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিশেষকৈ পুলিচ, বেটেলিয়ান, কামাণ্ডো আদিত নিযুক্তিৰ ক্ষেত্ৰত প্ৰস্তুতি চলাই নিজক সাজু কৰি তুলিছে কলিয়াবৰৰ শাকমুঠীয়া, কেলিডেন আৰু হাতীগাঁও চাহ বাগিছাৰ চাহ জনগোষ্ঠীয় যুৱক যুৱতী সকলে।
কেইজনমান সমাজ কৰ্মীৰ উদোগ্যত আৰম্ভ কৰা হৈছে এক প্ৰশিক্ষণ শিবিৰ। এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত আছে ডিফুৰ দুই যুৱক অভিজিৎ সোনোৱাল আৰু অৰূপ নন্দী।দেশ সেৱাৰ বাবে ওলাই অহা প্ৰায় ষাঠি জন যুৱক-যুৱতীৰ ভিতৰত সৰহ সংখ্যক যুৱতী দেখা পোৱা গ’ল। তেওঁলোকৰ আশা এই প্ৰশিক্ষণৰ জৰিয়তে সফলতা লাভ কৰিব সামৰিক পৰীক্ষাত।