Local, Vocal, Global

হেলমেট পিন্ধি,হাতত মঞ্জিৰা লৈ বিধানসভাত উপস্থিত এজন বিধায়ক

 

বিধানসভা অধিৱেশনত বিধায়কসকলক প্ৰহাৰ কৰাৰ অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মাখদুমপুৰৰ আৰজেডি বিধায়ক  সতীশ দাসে হেলমেট পিন্ধিছিল

 

বিহাৰ বিধানসভাৰ পাঁচদিনীয়া বাৰিষা অধিৱেশন  আজিৰ পৰা আৰম্ভ হৈছে। যোৱা বিধানসভা অধিৱেশনত, বিধায়কসকলক আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।

আলোচনাৰ সময়ত  কয় যে চৰকাৰে বিধায়কসকলক হত্যা কৰিব বিচাৰিছে আৰু সেয়েহে হেলমেট পিন্ধি আহিছে। হাতত মঞ্জিৰা লৈ চৰকাৰক জগাই তুলিবলৈ আহিছে ।

যোৱা অধিৱেশনত বিৰোধী সদস্যসকলে অধ্যক্ষ বিজয় কুমাৰ সিনহাক তেওঁৰ চেম্বাৰত বন্দী কৰি ৰাখিছিল। ইয়াৰ পিছত বাহিৰৰ পৰা আৰক্ষী বাহিনী আৰু প্ৰশাসনৰ দ্বাৰা অনুসৰণ কৰা হৈছিল।