Local, Vocal, Global

উলনীত সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণৰ ঘটনা

মহানগৰীৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত উলনীত  সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণৰ ঘটনা । চাৰি লম্পটৰ কামনাৰ বলি হৈছে ক্ষেত্ৰী টামহলংৰ এগৰাকী ১২ বছৰীয়া কিশোৰী।ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত  মালয়বাৰীৰ বকুল বৈশ্য (২৮),দুৰুঙৰ চিৰঞ্জিত চৰকাৰ(২৩),নগাওঁ কামপুৰৰ কেশৱ বিশ্বাস(২৩) আৰু দুৰুঙৰ বিকাশ চৰকাৰ (২০) নামৰ  চাৰিগৰাকী লম্পটক ক্ষেত্ৰী আৰক্ষীয়ে আটক কৰিছে।

উল্লেখ্য যে শনিবাৰে নিশাই এই চাৰিলম্পটে উক্ত কিশোৰী গৰাকী প্ৰলোভনেৰে মাতি নি ওৰেতো নিশা উলনীৰ এটা গেৰেজৰ ভিতৰত উপৰ্যূপৰী যৌন আতিশৰ্য্যা চলায়।পুৱা সমগ্ৰ ঘটনা পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোক ক্ষেত্ৰী আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত তদন্ত কৰি তাৎক্ষণিক ভাৱে দেওবাৰে চাৰি লম্পটক কৰায়য়ত্ত কৰে।

ইতিমধ্যে ধৃত চাৰি লম্পটে আৰক্ষীৰ আগত সমগ্ৰ ঘটনা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।ইপিনে ধৰ্ষনৰ বলী হোৱা কিশোৰী গৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত শিশু গৃহলৈ প্ৰেৰন কৰিছে আৰু বৰ্তমান কিশোৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা বিপদমুক্ত বুলি আৰক্ষীয়ে সদৰী কৰিছে।