Local, Vocal, Global

দুই ভৰি হেৰুওৱা শ্ৰমিক মাৰাকৰ কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব ল’ব চৰকাৰে

  •  ৰুক্মীণিগাঁৱত সংঘটিত দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুওৱা যোছেফ মাৰাকৰ কৃত্ৰিম ভৰি সংযোজনৰ দায়িত্ব লৈছে চৰকাৰে।
  •  মডেল ৰাজকন্যা বৰুৱাৰ দ্ৰুত গাড়ীৰ আঘাটত দুই ভৰি হেৰুৱাইছিল মাৰাকে।
  • বৰ্তমান জি এম চি এইছত চিকিৎসাধীন হৈ আছে শ্ৰমিকগৰাকী।
  •  ৰেইন ড্ৰপৰ আবিদ আজাদে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰাত তেওঁলোক অতিকৈ সন্তুষ্ট।
  • মাৰাকৰ বাবে যিসকল লোকে সাহায্য আগবঢ়াইছিল সেইয়া তেওঁলোকে মাৰাকৰ বৰপুত্ৰৰ হাতত দিয়াৰ সিদ্ধান্ত লৈছে।
  • কোনো লোকে মাৰাকৰ কৃত্ৰিম ভৰি সংযোজনৰ বাবে এতিয়া সহায়ৰ হাত আগ নবঢ়ালেও হ’ব বুলি উল্লেখ কৰিছে ৰেইন ড্ৰপে।
  • অৱশ্যে তেওঁলোকে মাৰাকৰ পুনৰসংস্থাপনৰ বাবে সকলো কৰাৰ আশ্বাস দিছে
  •  চিকিৎসালয়ত থকা আহত মাৰকক সকলোখিনি সহায় আগবঢ়ায় আহিছে ৰেইন ড্ৰপে |