Local, Vocal, Global

পিতৃয়ে PORN দেখুৱাই আৰম্ভ কৰে শোষণ

উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত এগৰাকী ১৭ বছৰীয়া যুৱতীয়ে তেওঁৰ দেউতাক আৰু নিকট আত্মীয়সহ ২৮জন লোকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে।আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত সমাজবাদী পাৰ্টী (SP) আৰু বহুজন সমাজ পাৰ্টীৰ (‍BSP) নেতাৰ নামো অন্তৰ্ভুক্ত আছে। যুৱতীগৰাকীয়ে উল্লেখ কৰা মতে, পুৰুষসকলে বহু বছৰ ধৰি তেওঁক বলপূৰ্বক ধৰ্ষণৰ চিকাৰ কৰি আহিছে। এই চাঞ্চল্যকৰ অভিযোগৰ পিছত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ মতে, যুৱতীগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁক দেউতাকে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে অশ্লীল ভিডিঅ’ দেখুৱাই কামনা পূৰণৰ চেষ্টা কৰিছিল, কিন্তু এইক্ষেত্ৰত বাধা দিয়ে। ইয়াৰ পিছত দেউতাকে নতুন কাপোৰ দিয়ে আৰু গাড়ী চলাবলৈ শিকোৱাৰ নামত লৈ গৈ পথাৰত ধৰ্ষণ কৰে। এইক্ষেত্ৰত যুৱতীগৰাকীক সতৰ্ক কৰি দিছিল যে যদি এই সম্পৰ্কে মুখ খোলে তেন্তে মাকক হত্যা কৰিব।

ইয়াৰ পিছত স্কুললৈ যোৱাৰ সময়ত দেউতাকে নিচাযুক্ত ঔষধ খুৱাই এগৰাকী মহিলাৰ হাতত গতাই দিছিল। সেইদিনাও তেওঁ ধৰ্ষণৰ বলি হৈছিল। প্ৰতিবেদন অনুসৰি, যুৱতীগৰাকীৰ ওপৰত ধৰ্ষণ বহু বছৰ ধৰি অব্যাহত আছিল আৰু প্ৰতিবাৰেই বেলেগ বেলেগ পুৰুষে তেওঁক ধৰ্ষণ কৰিছিল। ইয়াৰ মাজতে ৰজনৈতিক নেতা তিলক যাদৱেও এই কুকৰ্মত চামিল হৈছিল। এইক্ষেত্ৰত যাদৱে যুৱতীগৰাকীক পিতৃয়ে তেওঁৰ ওচৰলৈ লৈ অহাৰ কথা উল্লেখ কৰি যুৱতীক সৈমানৰ চেষ্টা কৰিছিল। অৱশ্যে এই সম্পৰ্কে তিলক যাদৱে সামাজিক মাধ্যমযোগে স্পষ্ট কৰি দিয়ে যে এয়া তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ।

মুঠতে যুৱতীগৰাকীয়ে বহু বছৰজুৰি নিজৰ পিতৃ তথা আত্মীয়ৰ সমৰ্থনৰ বাবে ধৰ্ষণৰ বলি হোৱা বুলি অভিযোগ তোলে। যুৱতীগৰাকীয়ে লগতে অভিযোগ কৰিছে যে আত্মীয়সকলে তেওঁক বিক্ৰী কৰিবলৈও চেষ্টা কৰিছিল, কিন্তু সফল হ’ব নোৱাৰিলে।

ললিতপুৰৰ এছ পি নিখিল পাঠকে এই প্ৰসংগত কয়, ‘এইটো এটা অতি সংবেদনশীল বিষয় আৰু আমি ইয়াক অতি গুৰুত্বসহকাৰে লৈছোঁ। ভুক্তভোগী গৰাকীৰ চিকিৎসা পৰীক্ষা কৰোৱা হৈছে আৰু ধাৰা ১৬১ৰ অধীনত তেওঁৰ বিবৃতিও লিপিবদ্ধ কৰা হৈছে। তেওঁৰ বিবৃতি বুধবাৰে ধাৰা ১৬৪ৰ অধীনত দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হয়।

তেওঁলোকৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩৫৪, ৩৭৬-ডি, ৩২৩, ৫০৬ আৰু পকচো আইনৰ ধাৰা ৫/৬ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। এজাহাৰখনত মহেন্দ্ৰ যাদৱ, অৰবিন্দ যাদৱ, প্ৰবোধ তিৱাৰী, চনু সময়য়া, মহেন্দ্ৰ ডুবে, নীৰজ তিৱাৰী, মহেন্দ্ৰ সিঙ্গাই, কমলকান্ত সিংগাই, শ্যামা, পাপ্পু মুন্না, আকাশ, মেহক, বাণ্টি, নীতু, শৰদ, মঞ্জু আৰু কিছু অচিনাক্ত ব্যক্তিৰ নামো অন্তৰ্ভুক্ত আছে।