Local, Vocal, Global

Indrani Tahbildar Death Case : ইন্দ্ৰাণী তহবিলদাৰ মৃত্যুক লৈ বিস্ফোৰক মন্তব্য ভিক্টৰ দাসৰ

নিউজ ডেস্ক, ১৬ আগষ্ট : বিজেপি কিষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে বিজেপিৰ ভিতৰচ’ৰাত । তাৰে মাজতে এইবাৰ এই ঘটনাক লৈ মুখ খুলিছে সদাই বিতৰ্কত থাকি ভাল পোৱা ভিক্টৰ দাসে।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্টিত হোৱা এক অনুষ্ঠানত ভিক্টৰ দাসে কয় যে , মই সকলো কথা আগতেই জানো বৰ্তমান বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিৰ কথা। অসমত একো ঘটনাই ন‍্যায় নাপায়, সকলোৱে দেখিছেই সেই কথা। বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ ঘটনাই পুনৰ প্ৰমাণ কৰিলে বিজেপি ভিতৰৰ দুৰ্নীতিৰ কথা।

ভিক্টৰে কয় , “কেৱল এজনেই নহয়, এই চৰকাৰী বজাৰৰ কেলেংকাৰীত জড়িত হৈ আছে বহু ব্যক্তি। এইবোৰ কেলেংকাৰীত জড়িত হৈ আছে ৰাজনীতিৰ আৰ্শীবাদপুষ্ট লোক । নামটো পিছত ৰাইজক অৱগত কৰিম।”

ভিক্টৰে কয় যে মৃত্যুৰ বাবে ভয় নকৰো, অসমবাসীৰ ৰাইজৰ আৰ্শীবাদ আছে। ভিক্টৰ দাস সদায় বিতৰ্কত থাকি ভাল পাওঁ, কাৰণ মই বহুত অধ‍্যয়ন কৰো বিভিন্ন বিষয়ত। ভিক্টৰ দাস মদাহী নহয়, সকলো কথাই জানো। বৰ্তমান এইবোৰ দেখিবলৈ ঘৃণা লাগিছে। অসমত চন্দাল আছে, সেইটো ভিক্টৰ দাস।

ৰাজ্য চৰকাৰ নতুনকৈ নিযুক্তি লাভ কৰা চাকৰিসমূহৰ কমৰ্চাৰীয়ে দুটা মাহৰ দৰমহা মুকলি কৰিবলৈ বিভিন্ন স্থানত ধন দিব লগাৰো অভিযোগ উত্থাপন কৰিছে ভিক্টৰ দাসে।

লগতে পঢ়ক : Indrani Tahbildar Death Case : বিজেপিৰ নেত্ৰীৰ আত্মাহত্যাক লৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া