Local, Vocal, Global

Indrani Tahbildar Death Case : বিজেপিৰ নেত্ৰীৰ আত্মাহত্যাক লৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, ১৬আগষ্ট : প্ৰথমে ফটো ভাইৰেল আৰু তাৰ পিছত বিজেপিৰ নেত্ৰীৰ আত্মাহত্যা । ৰহস্যৰ অন্ত পৰা নাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মাহত্যাৰ সন্দৰ্ভত । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ঘটনাৰ সন্দৰ্ভত ন ন তথ্য । এই তথ্যই এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ সন্দৰ্ভত নাম সাঙোৰ খাইছে ইজনৰ পিছত সিজনৰ ।

এইবাৰ বিজেপি নেত্ৰীৰ ফটো ভাইৰেল আৰু আত্মাহত্যাৰ ঘটনাৰ সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম সাঙোৰ খাইছে (Indrani Tahbildar Death Case)। এইবাৰ বিজেপি নেত্ৰীৰ আত্মাহত্যাৰ ঘটনাৰ সন্দৰ্ভত ভাইৰেল হৈছিল এটা অডিঅ’ক্লিপ। ভাইৰেল হোৱা অডিঅ’ক্লিপত শুনা গৈছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম(Siddhartha Bhattacharya)

এই অডিঅ’ক্লিপত ৰিয়া নামৰ এগৰাকী মহিলাই দ্বিবন ডেকা আৰু ইন্দ্ৰাণী তহবিলদাৰৰ মাজত কথা-বাৰ্তা হৈছিল আৰু এই কথা–বাৰ্তাৰ শুনা গৈছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম। ইয়াক লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

ইয়াকে লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে , ‘‘যিটো অডিঅ’ ক্লিপ সংবাদ মাধ্যমত প্ৰকাশ পাইছে, সেই অডিঅ’ ক্লিপটোত স্পষ্টভাৱে কোৱা হৈছে যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মূৰত কঁঠাল ভাঙিব লাগিব। লগতেসিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে মোলৈ দ্বিবন ডেকাৰ ফোন আহিছে। দ্বিবন ডেকাই মোক কৈছে যে, দাদা মই হোৱাট্ছএপত এখন ফটো দিছো আপোনাক, চাই কওকচোন মানুহকেইগৰাকী কোন। মই ফটোখন চাই ক’লো যে ফটোত থকা মহিলাগৰাকীক মই চিনি পাওঁ তেওঁ ইন্দ্ৰাণী তহবিলদাৰ। লগত থকা আনগৰাকী ব্যক্তিক মই চিনি নাপাওঁ(Indrani Tahboldar death case Siddharth Bhattacharya reaction)।’’

সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে ‘‘মই দ্বিবন ডেকাক সুধিছিলো এই ফটোখন তই কেনেকৈ পালি আৰু তই এই ফটোখন মোক কিয় দিছা?তেতিয়াই তেওঁ ক’লে, দাদা মই জানিবৰ কাৰণে যে এইগৰাকীয়ে ইন্দ্ৰাণী তহবিলদাৰ হয়নে নহয়। কথাটো সিমানতে সামৰণি পৰিল।’’ ।

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে , ‘‘ আকৌ ১১ তাৰিখে দ্বিবন ডেকাই মোক ফোন কৰিলে। আৰু তেতিয়াই মোৰ এনেকুৱা লাগিলে যে তেওঁৰ বেকগ্ৰাউণ্ডত কোনোবা ব্যক্তি আছে। মই তেওঁক সুধিলো যে তই আছ ক’ত? সি ক’লে, মই গোলাঘাটত আছো, গোলাঘাটৰ পৰা যোৰহাটলৈ আহিছো। মই তেতিয়াই তাক সুধিলো কিহৰ কাৰণে ফোন কৰিলি? সি ক’লে, ডাঙৰ এটা কেলেংকাৰী হৈছে। চাকৰি দিম বুলি কোটি কোটি টকা তুলি আছে মানুহে। ইন্দ্ৰাণী তহবিলদাৰো এনেকুৱা। মই তেতিয়াই তাক ক’লো যদি এনেকুৱা ঘটনা ঘটিছে ৰাজ্যিক নেতৃত্বক খবৰ দিয়ক । আমাৰ মাজত ১ মিনিট ৪ ছেকেণ্ড মানৰ এটা বাৰ্তালাপ হৈছিল, তাৰ পিছত মই ফোনটো থৈ দিছো। তাৰ পিছত সি হৈছে মই নাজানো ।’’

ভাইৰেল অডিঅ’ ক্লিপ সন্দৰ্ভত ভট্টাচাৰ্যই কয় যে , ‘‘শেহতীয়াকৈ ভাইৰেল হোৱা অডিঅ’ ক্লিপত শুনিলে এটা কথা স্পষ্ট হয় যে কোনোবা এগৰাকী ৰিচা নামৰ মহিলাই উল্লেখ কৰিছে যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মূৰত কঁঠাল ভাঙি ঘটনাক অন্য ৰূপ দিব লাগিব। আমি ক’ব লাগিব যে সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ফটোবোৰ ভাইৰেল কৰিছে। মই মানসিকভাৱে অশান্তি পাইছো। ৰাজ্যিক সভাপতিৰ লগত কথা পাতিছো, সাধাৰণ সম্পাদকৰ লগতো কথা পাতিছো। আনুষ্ঠানিকভাৱে লিখিত অভিযোগ দিম। মই ভাবো, যিবোৰ পাবত গঁজা নেতা–নেত্ৰী আছে, যিসকলে চৰকাৰৰে নহয়, দলৰো বদনাম কৰিছে, তেওঁলোকৰ ওপৰত এটা সঠিক পদক্ষেপ ল’ব।’’

লগতে পঢ়ক :Indrani Tahbildar Death Case : বিজেপি নেত্ৰীৰ আত্মহনন; চানমাৰি থানাত অনুৰাগ চলিহাক জেৰা !