Local, Vocal, Global

CM Inaugurates Over Bridge in Jorhat : দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী, মুকলি কৰিলে নতুন উৰণীয়া সেঁতু

যোৰহাট, ১৬ আগষ্ট : যোৰহাটত দুদিনীয়া ভ্ৰমণ সূচীৰে উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Inaugurates Over Bridge in Jorhat) । যোৰহাটৰ ৰাইজৰ বাবে উৎসৰ্গা যোৰহাটৰ প্ৰথমখন ৰে’লৱে উৰণীয়া সেঁতু ৷ জিলাখনত পুনৰ নতুনকৈ দুখন উৰণীয়া সেঁতু নিৰ্মাণ কৰা কথা ঘোষণা মুখ্যমন্ত্ৰীৰ । ভোগদৈ খনন আৰু সৌন্দৰ্যবৰ্ধনৰ লগতে যোৰহাটত বহু প্ৰকল্প আৰু আঁচনিৰ শিলান্যাসৰ ঘোষণা মুখ্যমন্ত্ৰীৰ (CM Inaugurates Na Ali Railway Over Bridge)৷

যোৰহাটৰ ন-আলিৰ ৰে’লৱে উৰণীয়া সেতু আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যোৰহাটবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি বুধবাৰে ৰাইজৰ বাবে উৎসৰ্গা কৰা হয় যোৰহাটৰ প্ৰথমখন ৰে’লৱে উৰণীয়া সেঁতু । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰণ সেঁতুখনে যোৰহাটৰ যান-জঁট তথা যাতায়ত সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশাবাদী ।

২০১৮/১৯ বৃত্তীয় বৰ্ষৰ উত্তৰ পূব বিশেষ আন্ত গাথনি উন্নয়ন পুজি শিতান আৰু ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুজি গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা হয় এই উৰণীয়া সেঁতুখন । উৰণীয়া সেঁতু মুকলিৰ পাছতেই উক্ত স্থানতে বিশাল জনসভাত অংশ লয় মন্ত্ৰী গৰাকীয়ে । যোৰহাট জিলাৰ বিভিন্ন স্থানৰ সদ্য নিৰ্মিত অহ ৬০খন গ্ৰাম্য নিৰ্মিত খোৱা পানী যোগান আঁচনিৰ ৰিমট টিপি একেলগে শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে যোৰহাটত নতুনকৈ দুখন উৰণীয়া সেঁতু নিৰ্মাণ কৰা কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যোৰহাট বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ এখন আৰু আনখন যোৰহাটৰ পৰা মৰিয়নিক সংযোগী কৰি নিৰ্মাণ কৰা হ’ব উৰণীয়া সেঁতু দুখন ৷ শীঘ্ৰে এই উৰণীয়া সেঁতু দুখনৰ শিলান্যাস কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে যোৰহাটৰ খোৱাপানী সমস্যা সমাধানৰ বাবে প্ৰায় ১০০কোটিৰো টকা ব্যয়ৰে এখন আঁচনি ৰূপায়ন কৰা কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ ভোগদৈ খনন আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ বাবেও আঁচনি লোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে যোৰহাট-গুৱাহাটীৰ মাজত দৈনিক বিমান সেৱা, ৰৰৈয়া বিমান বন্দৰলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰাৰ কথাও ব্যক্ত কৰে । মুখ্যমন্ত্ৰী শৰ্মাই যোৰহাটত অনুষ্ঠিত সভাত ৬০খন জলজীৱন আঁচনিও মুকলি কৰে ।

আজি সকলো কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাটো যোৰহাটত কটাব ৷ বৃহস্পতিবাৰে পুৱা বিভিন্ন শিক্ষানুষ্ঠান ছাত্র-ছাত্রীসকলৰ সৈতে পুৱা আহাৰ গ্ৰহণ কৰাৰ লগতে আবৰ্ত্ত ভৱনত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ উপৰি মৰম যোৰহাট অধীনত মিল্ক ভেণ্ডিঙ চাইকেল শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী শৰ্মাই ।

উৰণীয়া সেঁতুখন উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে যোৰহাট বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিজেপিৰ ৰাজ্যিক সম্পাদক পবিত্ৰ মাৰ্ঘেৰিটা, মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে দলীয় কৰ্মকৰ্তাসকল ।

উল্লেখ্য যে, প্ৰায় ৮০০মিটাৰ দৈঘ্যৰ ন আলি সংযোগী উৰণীয়া সেঁতুখন নিৰ্মাণৰ বাবদ প্ৰায় ৮৮ কোটি টকা আৰু ভূমি অধিগ্ৰহণ বাবে ১৯ কোটি টকা ব্যয় হৈছিল ৷ এই উৰণীয়া সেঁতুখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি দ্বাৰা যৌথভাৱে নিৰ্মাণ কৰা হৈছে । ২০১৯ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট প্ৰথম উৰণীয়া সেঁতুৰ শিলান্যাস কৰিছিল ৷

লগতে পঢ়ক : Assam Government Holiday : শংকৰদেৱৰ জন্মজয়ন্তী , শংকৰদেৱৰ মৃত্যু তিথি আৰু কৰম পূজাৰ বন্ধৰ দিন সলনি