Local, Vocal, Global

Assam Government Holiday : শংকৰদেৱৰ জন্মজয়ন্তী , শংকৰদেৱৰ মৃত্যু তিথি আৰু কৰম পূজাৰ বন্ধৰ দিন সলনি

নিউজ ডেস্ক, ১৬ আগষ্ট : সলনি হ’ল অসমৰ তিনিটা চৰকাৰী বন্ধৰ তাৰিখ (Assam Government Holiday)। ৰাজ্য চৰকাৰে মহাপুৰুষ শংকৰদেৱৰ জন্মজয়ন্তী , শংকৰদেৱৰ মৃত্যু তিথি আৰু কৰম পূজাৰ বন্ধৰ দিন সলনি কৰিছে । ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এক জাননীযোগে নতুন বন্ধৰ দিন জাৰি কৰিছে ।

অসমীয়া মাহৰ ভিত্তিত পালন কৰি অহা তিথিসমূহ প্ৰতিবছৰে ইংৰাজী বৰ্ষৰ কোনো নিৰ্দিষ্ট মাহৰ নিৰ্দিষ্ট দিনত পালন কৰা হয়। এই উপলক্ষে চৰকাৰী বন্ধও ঘোষণা কৰা হয় । এইবৰ্ষতো চৰকাৰে পূৰ্বৰ দৰে, ৰাজ্যত পালন কৰি অহা তিথিৰ বাবে ইংৰাজী মাহৰ দিনবোৰত চৰকাৰী বন্ধ কেলেণ্ডাৰসমূহত উল্লেখ কৰিছিল।

কিন্তু, হিন্দু বৰ্ষপঞ্জী অনুসৰি, চলিত বৰ্ষত শাওণ মাহ দুমহীয়া হোৱাৰ বাবে অসমীয়া মাহবোৰ পূৰ্বতে যিটো ইংৰাজী মাহত পৰিছিল সেইটো সলনি হৈছে।

যিহেতু শংকৰদেৱৰ মৃত্যু ভাদ মাহত হৈছিল, সেয়েহে এইবাৰ ভাদ মাহ পিছুৱাৰ বাবে আগষ্টৰ সলনি ছেপ্তেম্বৰত এই তিথি পৰিব । চৰকাৰে ১৮ আগষ্টৰ সলনি ১৬ ছেপ্তেম্বৰত এই বন্ধ ঘোষণা কৰিছে । ইফালে, ১৮ আগষ্টত শাওণ মাহ অব্যাহত থাকিব আৰু শাওণত যিহেতু এই তিথি নপৰে সেয়েহে এই সিদ্ধান্ত লোৱা হৈছে।

আনহাতে, শংকৰদেৱৰ জন্মোৎসৱৰ চৰকাৰী বন্ধৰ দিনো সলনি কৰা হৈছে । ১৮ আগষ্টৰ পৰিৱৰ্তে ১৬ ছেপ্তেম্বৰত শংকৰদেৱৰ তিথি বন্ধ থাকিব । আনহাতে ২৭ আগষ্টৰ পৰিৱৰ্তে ২৫ ছেপ্তেম্বৰত কৰম পূজাৰ বন্ধ থাকিব । ২৪ ছেপ্তেম্বৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ তিথিৰ বন্ধ হ’ব ।

২৫ ছেপ্তেম্বৰৰ সলনি ২৪ ছেপ্তেম্বৰত চৰকাৰী বন্ধ দিয়া হৈছে । ভাস্কৰাব্দ অনুসৰি, চলিত বৰ্ষত আহিন মাহৰ ৭ তাৰিখৰ সলনি ৬ তাৰিখে এই বন্ধৰ দিন ঠিক কৰা হৈছে ।

লগতে পঢ়ক : DGP reaction on police personnel death : পেৰেড কৰাৰ সময়ত আৰক্ষীৰ লোক ঢলি পৰাটো অস্বাভাৱিক নহয় – জি পি সিঙৰ মন্তব্য