Local, Vocal, Global

৭ বছৰীয়া নাবালিকাক ধৰ্ষণ-হত্যা, কাটি নিলে যকৃৎ

 

উত্তৰ প্ৰদেশৰ কাণপুৰত ৭ বছৰীয়া এক নাবালিকাৰ খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ ধৰ্ষণৰ পিছত নাবালিকাক হত্যা কৰি ধৰ্ষণকাৰীয়ে কাটি লৈ গৈছে নাবালিকাগৰাকীৰ যকৃৎসহ কেইবাটাও অংগ-প্ৰত্যংগ। আৰক্ষীয়ে আৰু জনোৱা মতে দুৰ্ভগীয়া নাবালিকাগৰাকীয়ে গাঁৱৰে এক সন্তানহীন দম্পতীয়ে দুজন প্ৰতিবেশীক এহেজাৰ টকা দিছিল। সন্তান লাভৰ আশাত তন্ত্ৰ-মন্ত্ৰৰ নামতে নাবালিকাগৰাকীক ধৰ্ষণ আৰু হত্যাৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ। এহেজাৰ টকা লোৱা দুই দুৰ্বৃত্তই শনিবাৰে ৰাতি নাবালিকাগৰাকীক অপহৰণ কৰি লৈ যায়। তাৰ পিছতে ধৰ্ষণ, হত্যা আৰু শৰীৰৰ অংগ-প্ৰত্যংগ কাটি নিয়াৰ দৰে ভয়ংকৰ কাণ্ড। দেওবাৰে পুৱা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে। তন্ত্ৰ-মন্ত্ৰ বা ক’লা যাদুৰ নামতে এই নাৰকীয় কাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। সন্দেহযুক্ত ৪জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটক হোৱা নাবালিকাৰ দুই প্ৰতিবেশীয়ে প্ৰকাশ কৰা মতে পৰশুৰাম নামৰ এজন ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰাৰ বাবে সিহঁতক ধন দিছিল।