Local, Vocal, Global

কৰ’নাৰ ভয়ংকৰ ৰূপ, বন্ধ হ’ব বজাৰ, বিবাহত অতিথি মাত্ৰ ৫০

দেশৰ ৰাজধানী দিল্লীত এতিয়া কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ। দ্বিতীয় নহয়, ক’ভিড-১৯ৰ তৃতীয় ঢৌত দিল্লীত একপ্ৰকাৰ জৰুৰী অৱস্থা। এনে অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যাতে দিল্লীৰ বহুকেইখন জনাকীৰ্ণ বজাৰ বন্ধ কৰি দিয়া হয়। যিবিলাক বজাৰত ক’ভিড প্ৰট’কল ৰক্ষা কৰা হোৱা নাই সেইবিলাক বজাৰ ক’ভিড-১৯ৰ স্থানীয় হটস্পট হিচাপে চিহ্নিত হৈছে। সেয়েহে এনে সততে ভিৰ হোৱা বজাৰসমূহ কেইদিনমানৰ বাবে বন্ধ কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিছে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। একেদৰে ক’ভিড-১৯ৰ ক্ৰমৱর্দ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত বিবাহ অনুষ্ঠানসমূহত অতিথিৰ সংখ্যা পূৰ্বে অনুমোদিত ২০০ৰ পৰা ৫০লৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাবেও কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে দিল্লী চৰকাৰে।