Local, Vocal, Global

পাকিস্তান সেনাৰ সম্পৰ্ক আছে আল-কায়দাৰ সৈতে

সন্ত্ৰাসবাদীৰ ভূস্বৰ্গ পাকিস্তান। সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ আত্মজীৱনীমূলক গ্ৰন্থত। অচামা বিন লাডেনক হত্যা কৰাৰ বাবে আমেৰিকাৰ নেভী ছীল কামাণ্ড’ই চলোৱা অভিযানৰ বিষয়ে পাকিস্তানক ঘূণাক্ষৰেও জানিবলৈ নিদিয়াৰ কথা সদৰি কৰি বাৰাক অ’বামাই তেওঁৰ গ্ৰন্থ ‘এ প্ৰমিজড লেণ্ড’ত লিখিছে যে পাকিস্তান সেনা আৰু চোৰাংচোৱাৰ সৈতে আল-কায়দা আৰু তালিবানৰ সুসম্পৰ্ক থকাৰ কথা অ’পেন ছিক্ৰেট। আৰু সেয়ে পাকিস্তানত আত্মগোপন কৰি থকা আল-কায়দাৰ মুৰব্বী লাডেনৰ বিৰুদ্ধে চলোৱা অভিযানৰ বিষয়ে পাকিস্তানক কোনো কথাই জনোৱা হোৱা নাছিল। ২০১১ চনৰ ২ মে’ত লাডেনৰ বিৰুদ্ধে চলা অভিযানৰ বিতং বিৱৰণ দিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। অ’বামাই প্ৰকাশ কৰা মতে মাৰ্কিন সেনা তথা চৰকাৰৰ মাত্ৰ কেইজনমানৰ মাজতে সীমাৱদ্ধ আছিল লাডেনবিৰোধী অভিযানৰ পৰিকল্পনা। লক্ষণীয়ভাৱে অ’বামাই নিজৰ গ্ৰন্থত লিখিছে যে লাডেন বধৰ সেই অভিযানৰ বিৰোধিতা কৰিছিল তেতিয়াৰ মাৰ্কিন প্ৰতিৰক্ষা সচিব ৰবাৰ্ট গেটছ আৰু সদ্য নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি, তদানীন্তন উপ-ৰাষ্ট্ৰপতি জ’ বাইডেনে। পাকিস্তানৰ এবটাবাদৰ এক সেনা চাউনীৰ কাষতে বাহৰ পাতি থকা লাডেনক শেষ কৰিবৰ বাবে চলোৱা আমেৰিকাৰ অভিযানত পাকিস্তানক কোনো কথাই জনোৱা হোৱা নাছিল। অ’বামাই প্ৰকাশ কৰা মতে পাকিস্তানৰ সেনা বিশেষকৈ ইয়াৰ চোৰাংচোৱা শাখাৰ একাংশই তালিবান আৰু আল-কায়দাৰ সৈতে সুসম্পর্ক ৰক্ষা কৰি চলে। প্ৰতিৱেশী আফগানিস্তান আৰু পাকিস্তানে প্ৰধান শত্ৰুৰূপে গণ্য কৰা ভাৰতবৰ্ষত অশান্তি সৃষ্টিৰ বাবে পাকিস্তানে এই সন্ত্ৰাসবাদী সংগঠনসমূহক কৌশলগতভাৱে ব্যৱহাৰ কৰে। এজন প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিয়ে পাক সেনা তথা চৰকাৰৰ তথাকথিত সন্ত্ৰাসবিৰোধী স্বৰূপটো উন্মোচন কৰি প্ৰকৃত সত্য প্ৰকাশ কৰাটোৱে আকৌ এবাৰ পাকিস্তান যে সন্ত্ৰাসবাদৰ মুকলি পৃষ্ঠপোষক সেই কথাই সজোৰে প্ৰতিপন্ন কৰিলে।